নিউজ ডেস্ক, 2 আগষ্ট : বিগত বৰ্ষৰ পৰাই ক্ৰিকেট জগতৰ পৰা দূৰত্ব বজাই ৰাখিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ কিন্তু ইউ এ ইত আইপিএল অনুষ্ঠিত হোৱাৰ সম্ভৱনা থকা বুলি সদৰি হোৱাৰ পাচতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ধোনীক পুনৰ খেল পথাৰত দেখিবলৈ পোৱাৰ সম্ভৱনা থকাৰ কথা প্ৰকাশ পাইছে ৷ কিন্তু আইপিএলৰ পূৰ্বে 1983 চনৰ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৰজাৰ বিন্নীয়ে ধোনী সন্দৰ্ভত কৰে এটি বিশেষ মন্তব্য ৷
পূৰ্বৰ দৰে ফিটনেছ নাই মহেন্দ্ৰ সিং ধোনীৰ : ৰজাৰ বিন্নী - মহেন্দ্ৰ সিং ধোনী
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পূৰ্বৰ দৰে ফিটনেছ বৰ্তাই ৰখা নাই বুলি মত প্ৰকাশ 1983 চনৰ বিশ্বকাপত জয়লাভ কৰা ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৰোজন বিন্নীয়ে ৷ লগতে ভাৰতীয় ক্ৰিকেট দলত নতুন প্ৰজন্মৰ বাবে নতুন পথ মুকলি কৰিব লাগে বুলি মত প্ৰকাশ কৰে বিন্নীয়ে ৷
বিন্নীয়ে কয় যে, ধোনীৰ সোণালী ক্ষণ শেষ হৈছে ৷ এতিয়া খেল পথাৰত বিজয় সাব্যস্ত কৰা প্ৰভাৱ নাই ধোনীৰ ৷ ধোনীৰ এতিয়া ভাল দিন শেষ হৈছে ৷ ভাৰতীয় নতুন প্ৰজন্মৰ বাবে পথ মুকলি কৰাৰ সময় আহিছে ৷ পূৰ্বৰ দৰে ধোনীৰ এখন পৰাজয় কৰিবলগীয়া খেলত জয় লাভ কৰোৱা ক্ষমতা ক্ৰমাৎ নোহোৱা হৈ গৈছে ৷ আনহাতে, ধোনী বিশ্বৰ ভিতৰতে এজন সুস্বাস্থ্যবান উইকেট কীপাৰ হিচাপে পৰিচিয় লাভ কৰিছিল ৷ কিন্তু মহেন্দ্ৰ সিং ধোনীৰ পূৰ্বৰ দৰে ফিটনেছ বৰ্তি নাই বুলি মত প্ৰকাশ কৰে ৰজাৰ বিন্নীয়ে ৷
লগতে পঢ়ক :দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসম কন্যা মনালিছা বৰুৱা মেহতা