অসম

assam

ETV Bharat / bharat

উৰা বাতৰিৰ বাবে সোণৰ মুদ্ৰা বিচাৰি নদী খান্দিলে ৰাইজে - অভাৱনীয় পৰিস্থিতি

নদীত সোণৰ মুদ্ৰা ওলোৱাৰ উৰা বাতৰি বিয়পি পৰাৰ লগে লগে একাংশ লোকে নদীত সোণ বিচাৰিবলৈ হেতা ওপৰা লগোৱাৰ লগতে আন একাংশই নদী খান্দিবলৈ আৰম্ভ কৰে ৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ৰাজগড় জিলাত ৷

People digging river to get silver coins
উৰা বাতৰিৰ বাবে সোণ বিচাৰি নদী খান্দিলে ৰাইজে

By

Published : Jan 13, 2021, 9:00 PM IST

নেশ্যনেল ডেস্ক,13 জানুৱাৰী : মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ শিৱপুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰুড়পুৰাত পাৰ্বতী নদীত সোণৰ মুদ্ৰা ওলোৱাৰ উৰা বাতৰি বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ নদীত সোণ ওলোৱাৰ উৰা বাতৰি বিয়পাৰ লগে লগে একাংশ লোকে নদীত সোণ বিচাৰিবলৈ হেতা ওপৰা লগোৱাৰ লগতে আন একাংশই নদী খান্দিবলৈ আৰম্ভ কৰে ৷

উৰা বাতৰিৰ বাবে সোণ বিচাৰি নদী খান্দিলে ৰাইজে

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ৰাজহ বিভাগৰ লোক উপস্থিত হয় ৷ ৰাজহ বিভাগৰ লোকে উক্ত ঠাইত সোণৰ মুদ্ৰাৰ কোনো সন্ধান নাপায় যদিও স্থানীয় লোকে নদী খান্দি থকা প্ৰত্যক্ষ কৰে ৷

উল্লেখ্য যে, শিৱপুৰা গাঁৱৰ ৰাইজে পাঁচদিন পূৰ্বে এক খবৰ লাভ কৰিছিল যে পাৰ্বতী নদীত সোণ-ৰূপৰ মুদ্ৰা ওলাই আছে ৷ এই উৰা বাতৰি বিয়পি পৰাৰ লগে লগে নদী খান্দিবলৈ আৰম্ভ কৰে একাংশ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক

ABOUT THE AUTHOR

...view details