নিউজ ডেস্ক , 11 ছেপ্টেম্বৰঃ মঙলবাৰে নিশা ইন্দোৰৰ ৰাজপথত এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল মধ্য প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী জিতু পাটোৱাৰীক৷ মন্ত্ৰী হিচাপে নহয় ৰাজপথত এজন ট্ৰেফিকৰ ৰূপত দেখা গল ক্ৰীড়া মন্ত্ৰী গৰাকীক ৷ প্ৰকৃততে ৰাজপথৰে গৈ থকাৰ সময়তে ব্যাপক যান-জঁটৰ মাজত আৱদ্ধ হৈ পৰিছিল মন্ত্ৰী গৰাকী ৷ বহুপৰ ধৰি গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ পাছত অৱশেষত নিজেই ট্ৰেফিকৰ দায়িত্ব পালন কৰি যান-জঁট আঁতৰলে মন্ত্ৰী গৰাকীয়ে ৷
ট্ৰেফিকৰ ৰূপত মধ্য প্ৰদেশৰ মন্ত্ৰী - ক্ৰীড়া মন্ত্ৰী
মন্ত্ৰী হিচাপে নহয় ৰাজপথত এজন ট্ৰেফিকৰ ৰূপত দেখা গল ক্ৰীড়া মন্ত্ৰী গৰাকীক ৷
ট্ৰেফিকৰ ৰূপত মধ্য প্ৰদেশৰ মন্ত্ৰী
উল্লেখযোগ্য যে উক্ত ট্ৰেফিক পইন্টটোত বিকল হৈ আছিল ট্ৰেফিক চিগনেলৰ লাইট সমূহ ৷ যাৰ বাবে যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল দায়িত্বৰত ট্ৰেফিক গৰাকী ৷ অৱশ্যে এই কামত বহু গৰাকী সাধাৰণ পথচাৰীয়ে মন্ত্ৰী গৰাকীক সহায় কৰে ৷