নিউজডেস্ক, 11 ডিচেম্বৰ : বিজেপিৰ সাংসদৰ জ্ঞানৰ নমুনা ৷ অসম সম্পৰ্কে নাজানে বিজেপি সাংসদে ৷ নাই অসমৰ সম্বন্ধে ভৌগলিক জ্ঞান ৷ যাৰ ফলত বুধবাৰে ৰাজ্যসভাৰ মজিয়াত অপমানিত হ'ল অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ মাজুলী সম্পৰ্কত বিতৰ্কিত মন্তব্য মহাৰাষ্ট্ৰৰ বিজেপি সাংসদ ড৹ বিনয় পি সহস্ত্ৰবুদ্ধেৰ ৷ সদনৰ মজিয়াত অসম সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদজনে ক'লে, মাজুলীত কোনো থলুৱা মানুহ নাই ৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী ৷ সকলো বাংলাদেশৰ পৰা আহি আশ্ৰয় লৈছে মাজুলীত ৷ সাংসদজনে বাংলাদেশীৰ কথা ক'বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰে মাজুলীক ৷
ৰাজ্য সভাৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ - নাগৰিকত্ব সংশোধনী বিধেয়ক
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ মাজুলী সম্পৰ্কত বিতৰ্কিত মন্তব্য মহাৰাষ্ট্ৰৰ বিজেপি সাংসদৰ ৷ ৰাজ্যসভাৰ মজিয়াত অপমানিত অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী ৷

ৰাজ্যৰ সভাৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ
ৰাজ্যৰ সভাৰ মজিয়াত মাজুলীক অপমান বিজেপি সাংসদৰ
যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য অগ্নিগৰ্ভা হৈ আছে, সেই সময়তেই ৰাজ্যসভাৰ সদনত বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ এইদৰে অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীক এইদৰে অপমান কৰিলে সাংসদজনে ৷
এইধৰণৰ একাংশ অবোধ নেতাৰ বাবে আজি বিষম পৰিস্থিতিৰ মুখামুখি হ'ব লগীয়া হৈছে অসম ৷
Last Updated : Dec 11, 2019, 6:49 PM IST