অসম

assam

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ কি আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ ?

By

Published : Apr 15, 2020, 11:39 AM IST

কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে দেশজুৰি অব্য়াহত থকা ল'কডাউনৰ সময়তে দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক সহায়ৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনালে এ আই ইউ ডি এফ সাংসদ বদৰুদ্দিন আজমলে ৷

MP Badaruddin Ajmal Request to Central Govt. And State Govt.
ল'কডাউনৰ মাজতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনালে সাংসদ বদৰুদ্দিন আজমলে

গুৱাহাটী,15এপ্ৰিল:বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3 মে'লৈকে কৰা ল'কডাউনৰ ঘোষণাক সমৰ্থন জনালে এ আই ইউ ডি এফ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে ৷ সাংসদ গৰাকীয়ে সৰ্বসাধাৰণ ৰাইজক চৰকাৰৰ সকলো নীতি-নিয়ম মানি চলিবলৈ অনুৰোধ জনোৱাৰ লগতে দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৷ ইয়াৰ লগতে বিভিন্ন ৰাজ্য তথা বিদেশত আবদ্ধ হৈ থকা লোকসকলক নিজ নিজ ঠাইলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনায় এ আই ইউ ডি এফ দলৰ সভাপতিগৰাকীয়ে ৷

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ কি আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ ?

ABOUT THE AUTHOR

...view details