অসম

assam

ETV Bharat / bharat

মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত উপ-নিৰ্বাচন - মধ্যপ্ৰদেশ আৰু কৰ্নাটকত অনুষ্ঠিত উপ-নিৰ্বাচন

বিহাৰৰ লগতে আজি মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ মধ্যপ্ৰদেশত সৰ্বাধিক 28টা বিধানসভা সমষ্টিত আৰু কৰ্ণাটকত দুখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছে ৷

মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত উপ-নিৰ্বাচন
মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত অনুষ্ঠিত উপ-নিৰ্বাচন

By

Published : Nov 3, 2020, 10:20 AM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ : কৰ্ণাটকৰ ৰাজাৰাজেশ্বৰী নগৰ আৰু শ্বীৰা সমষ্টিত সম্পূৰ্ণ নিৰাপত্তা আৰু সজাগতাৰ মাজেৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ দুয়োটা সমষ্টিত 6.75 লাভ ভোটাৰে আজি ভোটদান কৰিব ৷ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে 1008টা ভোটগ্ৰহণ কেন্দ্ৰ গঠন কৰা হৈছে ৷ আনহাতে কোভিড-19 আক্ৰান্ত লোকসকলৰ বাবে পৃথকে ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷

জেডিএছ দলৰ বিধায়ক বি সত্যনাৰায়নৰ মৃত্যুৰ পিচতে শ্বীৰা সমষ্টি আৰু কংগ্ৰেছ বিধায়ক মুনিৰাথনাৰ পদত্যাগৰ পিচতে ৰাজাৰাজেশ্বৰী নগৰ সমষ্টিৰ আসন খালী হৈ আছিল ৷ দুয়োটা সমষ্টিত সৰ্বাধিকসংখ্যক 31 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

একেদৰেই মধ্য প্ৰদেশটো 28টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ বিগত বৰ্ষত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে 25 গৰাকী বিধায়কে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগতে তিনিগৰাকী বিধায়কৰ মৃত্যুৰ বাবে এইসমূহ আসন খালী হৈ আছিল ৷

ইতিমধ্যে মধ্যপ্ৰদেশত ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু 63.67 লাখ ভোটাৰে 9361 টা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ 28 খন আসনৰ বাবে ৰাজ্যখনত সৰ্বাধিকসংখ্যক 355 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে যাৰ ভিতৰত 22 গৰাকী মন্ত্ৰী আছে ৷ মধ্যপ্ৰদেশ উপ-নিৰ্বাচনৰ বাবে ৰাজ্যখনত অতিৰিক্তভাৱে 33,000 সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক :বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ABOUT THE AUTHOR

...view details