ইণটাৰনেশ্যনেল ডেস্ক,২৭আগষ্টঃ ভাৰতীয় মূলৰ কেলিফ'ৰ্ণিয়াৰ চিনেটৰ তথা আমেৰিকাৰ ডেম'ক্ৰেটিক দলৰ পৰা মনেনীত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে তেওঁক সফল নাৰী হিচাপে গঢ় দিয়াত মাতৃৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰিছে। Asian American and Pacific Islander (AAPI)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে, আমেৰিকাৰ প্ৰতি তেওঁৰ অন্তৰ আত্মাত প্ৰমূল্যবোধ জগাই তুলিছিল মাতৃয়ে।
মোৰ মাতৃয়ে মোৰ মনত আমেৰিকাৰ প্ৰতি প্ৰমূল্যবোধ জগাই তুলিছিল - উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
এগৰাকী সফল নাৰী হিচাপে গঢ় দিয়াত মাতৃৰ অৱদানক সদায় শ্ৰদ্ধা জনাই আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমল হেৰিছে। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হেৰিছৰ পিতৃ জামাইকাৰ আৰু মাতৃ শ্যামলা গোপালন ভাৰতৰ তামিলনাডুৰ।

মোৰ মাতৃয়ে মোৰ মনত আমেৰিকাৰ প্ৰতি প্ৰমূল্যবোধ জগাই তুলিছিল:কমলা হেৰিছ
এই প্ৰমূল্যবোধৰ শিক্ষা কেৱল সফলতাৰ বাবে নহয়, দেশখনক অধিক উন্নত কৰি গঢ়ি তোলাৰ বাবে দিয়া হৈছিল বুলি মন্তব্য কৰিছে হেৰিছে। লগতে তেওঁ কয় যে, যেতিয়া মোৰ মায়ে ভাৰত এৰি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিছিল,তেতিয়া তেওঁ অনুভৱ কৰিছিল যে, আমাৰ নতুন ঘৰ বৰ্তমান আমেৰিকাত আৰু আমি এই দেশৰ উন্নতিৰ বাবে নিজকে নিয়োজিত কৰা উচিত। ৰাজহুৱা সভাত প্ৰায়ে তেওঁৰ জীৱনত মাতৃৰ গভীৰ প্ৰভাৱ সন্দৰ্ভত মন্তব্য কৰা দেখা যায় হেৰিছক।