নেশ্যনেল ডেস্ক, 7 জুলাই :কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবে সম্পৰ্কত নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷ বিকাশ ডুবেৰ সন্ধান দিয়াজনক আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ লগতে প্ৰশাসনে তেওঁৰ বাসগৃহ উচ্ছেদ কৰে ৷ ইয়াৰোপৰি, বিভিন্ন স্থানত বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
কানপুৰৰ মষ্ট ৱান্টেডৰ 'শীৰ্ষ 15' ত নাই বিকাশ ডুবেৰ নাম নতুনকৈ অহা তথ্য অনুসৰি, কানপুৰৰ 'শীৰ্ষ 15' অপৰাধীৰ তালিকাত স্থান নাই বিকাশ ডুবেৰ ৷ কানপুৰৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷ আচৰিতভাৱে, গেংষ্টাৰ বিকাশ ডুবেৰ বিৰুদ্ধে কেৱল চৌবেপুৰ আৰক্ষী থানাতে 60 টাকৈ গোচৰ থকাৰ পাচতো শীৰ্ষ অপৰাধীৰ তালিকাত নাম নাই ৷
কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবে গেংষ্টাৰ আইনৰ অধীনত বিকাশৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা আদি গোচৰ ৰুজু হৈ আছে ৷ বিকাশ ডুবেৰ সৈতে লিংক থকাৰ অভিযোগত চৌবেপুৰ আৰক্ষীৰ এজন বিষয়াক বৰ্খাস্ত কৰাৰ পাচতে পোহৰলৈ আহিছে এই তথ্য ৷ উল্লেখ্য যে, বৰ্তমান বিকাশ ডুবেৰ খবৰ দিব পৰাজনক 2.5 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে প্ৰশাসনে ৷
কানপুৰৰ মষ্ট ৱান্টেডৰ 'শীৰ্ষ 15' শুকুৰবাৰে পুৱা কানপুৰৰ বিক্ৰু গাঁৱত আৰক্ষীৰে সংঘৰ্ষত বিকাশ ডুবেৰ দলে বিলহাউৰৰ চক্ৰ বিষয়াসহ 8 জন আৰক্ষীৰ হত্যা কৰিছিল ৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, বৰ্খাস্ত আৰক্ষী বিষয়া বিনয় তিৱাৰীয়ে আৰক্ষী উপস্থিত হোৱা সম্পৰ্কত পূৰ্বেই বিকাশ ডুবেক তথ্য প্ৰদান কৰিছিল ৷
লগতে পঢ়ক :তামিলনাডুৰ ত্ৰিচীত উদ্ধাৰ অগ্নিদগ্ধ নাবালিকাৰ মৃতদেহ