অসম

assam

ETV Bharat / bharat

লক ডাউন বঢ়াই দিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান ৰাজ্যৰ বিভিন্ন মুখ্যমন্ত্ৰীৰঃ ভি নাৰায়নস্বামী - ভি নাৰায়নস্বামী

ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী মোডীক দেশৰ মহামাৰী COVID-19 ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউন বঢ়াই দিবলৈ আহ্বান জনাই । সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে প্ৰধানমন্ত্ৰী মোডীয়ে অনুষ্ঠিত কৰা বৈঠকৰ অন্তত এই মন্তব্য কৰে পডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে ।

লক ডাউন
লক ডাউন বঢ়াই দিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান ৰাজ্যৰ বিভিন্ন মুখ্যমন্ত্ৰীৰঃ ভি নাৰায়নস্বামী

By

Published : Apr 27, 2020, 7:25 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃদেশৰ কেইখনমান ৰাজ্য়ৰ মুখ্য়মন্ত্ৰীয়ে আগন্তুক তিনি মে'ৰ পাচত লক ডাউন বঢ়াই দিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই বুলি সোমবাৰে মন্তব্য কৰে পডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ অন্তত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে আন একাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লক ডাউনৰ বাবে সৃষ্টি হোৱা আৰ্থিক সংকটৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাই ।

লক ডাউন বঢ়াই দিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান ৰাজ্যৰ বিভিন্ন মুখ্যমন্ত্ৰীৰঃ ভি নাৰায়নস্বামী

ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে কয়,বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে সৰ্বসন্মতিক্ৰমে প্ৰধানমন্ত্ৰী মোডীক কয় ,যি হাৰত মহামাৰী COVID-19 বিয়পি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউনৰ প্ৰতি সতৰ্ক দৃষ্টিভংগী ৰখাটো দৰকাৰ ।

উল্লেখ্য যে,সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সমূহৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠক অনুষ্ঠিত কৰে। মহামাৰী COVID-19ৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সমূহৰ সৈতে মোডীৰ ভিডিঅ' কনফাৰেঞ্চযোগে অনুষ্ঠিত এইখন আছিল চতুৰ্থখন বৈঠক ।

আনহাতে, ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে দেশজুৰি মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ এমাহৰ বাবে লক ডাউন ঘোষণা কৰিবলৈ অনুৰোধ জনাই । ওড়িশাৰ মুখ্যমন্ত্ৰীৰ আহ্বানত মোডীয়ে দেশৰ হটস্পট ঠাই ৰূপে চিহ্নিত হোৱা অঞ্চলসমূহত লক ডাউনৰ পৰা মুক্ত নহয় বুলি সদৰী কৰে ।

লগতে চাওকঃ পৰৱৰ্তী লক ডাউন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই গ্ৰহণ কৰিব অসম চৰকাৰে

ABOUT THE AUTHOR

...view details