নিউজ ডেস্ক, 15 জুলাই :প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী তথা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে নিজকে কোৱাৰেন্টাইনত ৰাখিছে ৷ জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰভিন্দৰ ৰাইনা কোভিড-19 পজিটিভ হোৱাৰ পিচতেই দুয়োগৰাকী নেতাই এইদৰে নিজকে কোৱাৰেন্টাইনত ৰাখিছে ৷
মঙলবাৰে আবেলিৰ পৰা মন্ত্ৰী জীতেন্দ্ৰ সিঙে কোৱাৰেন্টাইনত থাকে ৷ বিগত 12 জুলাইত ৰভিন্দৰ ৰাইনাই জীতেন্দ্ৰ সিঙৰ লগতে ৰাম মাধৱক শ্ৰীনগৰৰ পৰা বন্দীপুৰালৈ যোৱা যাত্ৰাত সংগ দিছিল ৷ ৰিয়াছি জিলাৰ কাটৰাস্থিত নাৰায়না হস্পিতালত ৰাইনাক চিকিৎসাধীন অৱস্থাত আছুতীয়াকৈ ৰখা আছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷