নেশ্যনেল ডেস্ক,16 ডিচেম্বৰ :বুধবাৰে দুদিনীয়া ভ্ৰমণসমূচীৰে ওমানত উপস্থিত হয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ ৷ এই ভ্ৰমণকালত ওমানৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে ওমানত থকা ভাৰতীয় লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হ’ব মন্ত্ৰীগৰাকী ৷ বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে ওমানলৈ এইটো তেখেতৰ প্ৰথমটো ভ্ৰমণ কাৰ্যসূচী ৷
ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই ভ্ৰমণকালত তেখেতে ওমানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হ’ব ৷ ইয়াৰ উপৰিও তেখেতে ভাৰতীয় সম্প্ৰদায়ৰ Broad Cross Section আৰু Oman-India Friendship Associationৰ সৈতে মত বিনিময় কৰিব ৷ নিজৰ ভ্ৰমণ কালত ভি মুৰলীধৰণে বিভিন্ন দ্বি-পাক্ষিক বিষয়, ধৰ্মীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব ৷
ওমানত মুঠ 6 লাখ ভাৰতীয় লোক আছে ৷ আৰু এই ভাৰতীয় লোকসকলৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰাটোৱে তেখেতৰ মূল উদ্দেশ্য ৷