অসম

assam

ETV Bharat / bharat

দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ - উত্তৰ প্ৰদেশস্থিত মথুৰাৰ বাসিন্দ অখিলেশ কুমাৰ

ইফালে নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ কেপ্তেইন দীপক সাঠে ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ হিচাপে নিযুক্ত আছিল ৷ দীপক সাঠে মুম্বাইৰ অন্তৰ্গত পোৱাইত পত্নী তথা দুই পুত্ৰ সন্তানৰ সৈতে বাস কৰিছিল ৷ আনহাতে, তেওঁৰ পিতৃ কৰ্ণেল বসন্ত সাঠে আৰু মাতৃ নিলা সাঠে নাগপুৰৰ নিবাসী ৷

co-pilot Akhilesh Kumar killed in AI mishap arrives at Delhi Airport
দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ

By

Published : Aug 9, 2020, 9:12 AM IST

নিউজ ডেস্ক, 9 আগষ্টঃ দেওবাৰে পুৱতি নিশা দিল্লীত উপস্থিত হ'ল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সহকাৰী পাইলট অখিলেশ কুমাৰৰ নশ্বৰদেহ ৷ তেওঁক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলে ৷ জানিব পৰা মতে, অখিলেশ কুমাৰৰ নশ্বৰদেহ তেওঁৰ জন্মস্থান উত্তৰ প্ৰদেশস্থিত মথুৰালৈ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে শনিবাৰে বিমানখনৰ পাইলট তথা সহ পাইলটগৰাকীৰ পাৰ্থিৱ শৰীৰ পৰিয়ালক হস্তান্তৰ কৰা হয় ৷

দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ

মালাপুৰ জিলা উপায়ুক্ত কে. গোপালাকৃষ্ণই জানিবলৈ দিয়ে যে, সন্ধিয়া 5 বজাত এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলৰ সৈতে তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত হয় ৷ ইতিমধ্যে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ কেইটা পৰিয়ালক হস্তান্তৰ কৰা হৈছে ৷ তেওঁলোকে নিজৰ নিজৰ গন্তব্য যাত্ৰাৰ বাবে কোচিনলৈ ৰাওনা হৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে নিশা ভাগত কেৰালাৰ কোজিকোডেত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত প্ৰায় 19 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল প্ৰায় 172 গৰাকী যাত্ৰী তথা কৰ্মচাৰী ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান ৰানৱে'ৰ পৰা পিছলি 50 ফুট দ' উপত্যকাত পৰি যোৱা ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

লগতে পঢ়কঃচৈয়দ আব্দুল মালিকক লৈ শিলাদিত্য দেৱে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ আব্দুল খালেকৰ

কোজিকোডেৰ জিলা উপায়ুক্ত এছ সম্বাচিবা ৰাওৱে প্ৰদান কৰা তথ্য অনুসৰি, জিলাখনৰ মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ পাছত পাৰ্থিৱ শৰীৰ কেইটা পৰিয়ালক গতাই দিয়া হয় ৷

ইফালে নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ কেপ্তেইন দীপক সাঠে ভাৰতীয় বায়ু সেনাৰ উইং কামাণ্ডাৰ হিচাপে নিযুক্ত আছিল ৷ দীপক সাঠে মুম্বাইৰ অন্তৰ্গত পোৱাইত পত্নী তথা দুই পুত্ৰ সন্তানৰ সৈতে বাস কৰিছিল ৷ আনহাতে, তেওঁৰ পিতৃ কৰ্ণেল বসন্ত সাঠে আৰু মাতৃ নিলা সাঠে নাগপুৰৰ নিবাসী ৷

উত্তৰ প্ৰদেশৰ মথুৰাৰ বাসিন্দা অখিলেশ কুমাৰে মৃত্যুৰ সময়ত তেওঁৰ আঠমহীয়া গৰ্ভৱৰ্তী পত্নী, পিতৃ-মাতৃ, কনিষ্ঠ ভাতৃদ্বয়, এগৰাকী ভগ্নীক ইহ সংসাৰত এৰি থৈ যায় ৷ 2017 চনত বিবাহ পাশত আৱদ্ধ হৈছিল অখিলেশ কুমাৰ ৷

লগতে পঢ়কঃকৰ'ণাৰ লগত সহবাস কৰি আমি আগুৱাই যাব লাগিব : ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ

ABOUT THE AUTHOR

...view details