অসম

assam

ETV Bharat / bharat

২৩ জুনলৈ অব্যাহত থাকিব প্ৰৱল বৃষ্টিপাত - বতৰ বিজ্ঞান কেন্দ্ৰ

দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰে ৰাতিপুৱা হোৱা এজাক বৰষুণে জলবায়ু পৰিবৰ্তন কৰিছে যদিও বৰষুণ জাকে ৰাজধানীখনৰ বহুতো অঞ্চল তচনচ কৰি গৈছে । জলবায়ু বিশেষজ্ঞৰ মতে, ৰাজধানীত হোৱা এই বৰষুণৰ পূৰ্বে ১৯ আৰু ২০ জুনত পশ্চিম বংগত ঘূৰ্ণী বতাহ সংঘটিত হৈছিল যাৰ পৰিণতি স্বৰূপে উক্ত স্থানত প্ৰচুৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ।

morning-showers-continue-in-delhi-monsoon-onset-on-wednesday-imd
morning-showers-continue-in-delhi-monsoon-onset-on-wednesday-imd

By

Published : Jun 22, 2020, 4:26 PM IST

নিউজ ডেস্ক, ২২ জুন : ভীষণ গৰমৰ মাজত দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰে ৰাতিপুৱা হোৱা এজাক বৰষুণে জলবায়ু পৰিবৰ্তন কৰিছে যদিও বৰষুণ জাকে ৰাজধানীখনৰ বহুতো অঞ্চল তচনচ কৰি গৈছে ।

২৩ জুনলৈ অব্যাহত থাকিব ৰাজধানীৰ প্ৰৱল বৃষ্টিপাতঃ জলবায়ু বিজ্ঞান বিভাগ

IMD ৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, আগন্তুক কিছুদিন উক্ত স্থানত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । উত্তৰ পঞ্জাৱৰ পৰা আৰম্ভ কৰি উত্তৰ-পশ্চিম বংগ, হাৰিয়ানা, দক্ষিণ উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ উপকূলীয় অঞ্চলত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বিষয়াজনে আকৌ জনোৱা অনুসৰি, পৰৱৰ্তী ২৪ ঘন্টাত উক্ত স্থানত ৰাতিপুৱা ৪ বাজি ৩০ মিনিটৰ পৰা ৪৩.৮ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যাৰবাবে চহৰ খনৰ বিভিন্ন অঞ্চল পানীৰে পৰিপূৰ্ণ হোৱাৰ আকাংক্ষা কৰা হৈছে ।

২৩ জুনলৈ অব্যাহত থাকিব ৰাজধানীৰ প্ৰৱল বৃষ্টিপাত

ভাৰতীয় জলবায়ু বিজ্ঞান বিভাগৰ ক্ষেত্ৰীয় পূৰ্বানুমান কেন্দ্ৰৰ প্ৰমুখ কুলদ্ধীপ শ্ৰীবাস্তবে জনোৱা অনুসৰি, সোমবাৰৰ পৰা মংগলবাৰলৈ এই বৰষুণ অব্যাহত থাকিব ।

আনহাতে, জলবায়ু বিশেষজ্ঞৰ মতে, ৰাজধানীত এই বৰষুণৰ পূৰ্বে ১৯ আৰু ২০ জুনত পশ্চিম বংগত ঘূৰ্ণী বতাহ সংঘটিত হৈছিল যাৰ পৰিণতি স্বৰূপে উক্ত স্থানত প্ৰচুৰ বৰষুণ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details