নিউজ ডেস্ক, 14 চেপ্তেম্বৰঃআন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় 'নাৰ্কোটিক কন্ট্ৰ'ল ব্যুৰো'ৱে লাভ কৰিছে বিশেষ সফলতা ৷ শনিবাৰে নতুন দিল্লীত বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিভাগৰ অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছয়গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷
নতুন দিল্লীত 30 কোটি টকাৰ হেৰ'ইন জব্দ - ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকা 6গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় 'নাৰ্কোটিকছ কন্ট্ৰ'ল ব্যুৰো'ৱে ৷ অভিযানকাৰী দলটোৱে লোককেইজনৰ পৰা ভাৰতীয় টকাৰ হিচাপত 30 কোটি টকাৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা লোককেইজন আফগানিস্তানৰ বাসিন্দা বুলি জনাইছে এনচিবিয়ে ৷
বিভাগে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পাঁচগৰাকী আফগানিস্তানৰ বাসিন্দা হোৱাৰ বিপৰীতে এগৰাকী নাইজেৰিয়াৰ বাসিন্দা ৷ নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ পেটৰ ভিতৰত লুকাই আনিছিল নিষিদ্ধ ড্ৰাগছ ৷ লোককেইজনৰ পৰা বিভাগে 1.8 কিলোগ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে লোককেইজনৰ তথ্যৰ ভিত্তিতে আন এগৰাকী নাইজেৰিয়ান লোকক 6.020 কিলোগ্ৰাম হেৰ'ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷
এনচিবিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আফ্ৰিকাৰ পৰা মধ্যপ্ৰাচ্যৰ মাজেৰে ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ কৰা হয় এই নিষিদ্ধ হেৰ'ইন ৷ নতুন দিল্লীস্থিত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত চলাই আহিছিল এই ড্ৰাগছৰ ছিণ্ডিকেট ৷ চক্ৰৰ সৈতে এটা বৃহৎ দল জড়িত থকাৰ কথা প্ৰকাশ কৰিছে অভিযানকাৰী বাহিনীয়ে ৷ এনচিবিয়ে আটাইকেইগৰাকী লোকক নিজৰ জিম্মাত লোৱাৰ লগতে ধাৰাবাহিকভাৱে জেৰা অব্যাহত ৰাখিছে ৷ লোককেইজনৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য ভাৰতীয় টকাৰ হিচাপত 30 কোটি টকা হ'ব বুলি জনাইছে অভিযানকাৰী দলটোৱে ৷