অসম

assam

ETV Bharat / bharat

বলীউডৰ ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে 18 গৰাকীতকৈয়ো অধিক লোকক: NCB

নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰোয়ে বৰ্তমানলৈ 18 গৰাকীতকৈয়ো অধিক লোকক বলীউডৰ ড্ৰাগছ গোচৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ শনিবাৰে এই বিষয়ে জানিবলৈ দিয়ে NCB ৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ডেপুটী ডি.জি মুঠা অশোক জৈনে ৷

NCB
NCB

By

Published : Sep 27, 2020, 2:24 PM IST

নেশ্যনেল ডেস্ক, 27 ছেপ্তেম্বৰ:শনিবাৰে NCB ৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ডেপুটী ডি.জি মুঠা অশোক জৈনে জানিবলৈ দিয়া অনুসৰি, নাৰ্ক'টিকছ কণ্ট্ৰ'ল ব্যুৰোয়ে বৰ্তমানলৈ 18 গৰাকীতকৈয়ো অধিক লোকক বলীউডৰ ড্ৰাগছ গোচৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷

আনহাতে এই বিষয়ৰ তদন্ত সন্দৰ্ভত কৰিশ্মা প্ৰকাশ, ছাৰা আলী খান, দীপিকা পাডুকন আৰু শ্ৰদ্ধা কাপুৰৰ বক্তব্য ৰেক'ৰ্ড কৰা হৈছে ৷

"কৰিশ্মা প্ৰকাশ, ছাৰা আলী খান, দীপিকা পাডুকন আৰু শ্ৰদ্ধা কাপুৰৰ বক্তব্য ৰেক'ৰ্ড কৰা হৈছে ৷ ক্ষিতিজ প্ৰসাদক সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৰ্তমান নতুনকৈ আৰু কোনো চমন জাৰি কৰা হোৱা নাই ৷ আমি 18 গৰাকীতকৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰিছো ৷" এই মন্তব্য জৈনৰ ৷

NCB য়ে ED ৰ পৰা আনুষ্ঠানিকভাৱে নিৰ্দেশ পোৱাৰ পাচতে ড্ৰাগছৰ বিৰুদ্ধে এক তদন্ত আৰম্ভ কৰে ৷ যিয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত থকা টকাৰ তদন্তও কৰি আছিল ৷ তদন্তত ড্ৰাগছৰ লগত জড়িত ক্ৰয়-বিক্ৰয়, আমদানি-ৰপ্তানি আদিৰ সৈতে সম্বন্ধিত বিভিন্ন মেছেজ পোৱা গৈছিল ৷

লগতে পঢ়ক:জ্যেষ্ঠ কংগ্ৰেছী নেতা চিএফ থমাছৰ দেহাৱসান

ABOUT THE AUTHOR

...view details