অসম

assam

ETV Bharat / bharat

আজি পুনৰ হ্ৰাস পালে ইন্ধনৰ মূল্য

পুনৰ হ্ৰাস পালে ইন্ধনৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 20-23 পইছা আৰু ডিজেলৰ মূল্য 21-22 পইছা হ্ৰাস পালে ৷

ভাৰতত ইন্ধনৰ মূল্য হ্ৰাস
ইন্ধনৰ মূল্য হ্ৰাস

By

Published : Feb 9, 2020, 5:32 PM IST

Updated : Feb 9, 2020, 8:53 PM IST

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী : দেওবাৰে পুনৰ হ্ৰাস পালে ইন্ধনৰ মূল্য ৷ ভাৰতৰ বৃহৎ মহানগৰ সমূহত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 20-23 পইছা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 21-22 পইছা হ্ৰাস পাইছে ৷

দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত 72.23 টকা, মুম্বাইত 77.89 টকা, কলিকতাত 74.92 টকা আৰু চেন্নাইত 75.04 টকা হৈছেগৈ ৷

আনহাতে, দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত 65.23 টকা, মুম্বাইত 68.36 টকা, কলিকতাত 67.59 টকা আৰু চেন্নাইত 68.89 টকা হৈছে ৷

ইণ্ডিয়ান অইল কৰ্প'ৰেছনৰ ৱেবছাইটত প্ৰকাশ পাইছে এই নতুন মূল্য ৷ চীনত কৰ'ণাভাইৰাছে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাচতে ইন্ধনৰ মূল্য আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় খনিজ মূল্যৰ লগতে টকা আৰু আমেৰিকান ডলাৰৰ ওপৰত ভিত্তি কৰি ভাৰতত তেলৰ খচৰা মূল্য প্ৰকাশ পায় ৷ প্ৰতিদিনেই তেল ব্যৱসায়িক কোম্পানীবোৰে ঘৰুৱা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পুনৰীক্ষণ কৰে ৷ নতুনকৈ নিৰ্ধাৰণ কৰা ইন্ধনৰ মূল্য পুৱা 6 বজাৰ পৰা তেলৰ ষ্টেছনসমূহত কাৰ্যকৰী কৰা হয় ৷

আৰু পঢ়ক : চীনত অব্যাহত ক'ৰনা ভাইৰাছৰ সংহাৰ: মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি

Last Updated : Feb 9, 2020, 8:53 PM IST

ABOUT THE AUTHOR

...view details