নিউজ ডেস্ক, ২৬ এপ্ৰিলঃপঞ্জাৱ চৰকাৰে কোভিড-১৯ৰ পিচৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গঠন কৰিছে বিশেষজ্ঞ কমিটী । দেশৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ মন্টেক আহুলুৱালিয়াক লৈ ৰাজ্য চৰকাৰখনে গঠন কৰিছে ২০জনীয়া কমিটীখন ।
কমিটীখনত অৰ্থনীতি আৰু উদ্যোগ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হৈছে । কমিটীখনে চৰকাৰক এবছৰ আৰু মধ্যৱৰ্তী কৰ্ম পৰিকল্পনা প্ৰদান কৰিব, য'ত বিত্তীয় ব্যৱস্থাপনা নীতিকে ধৰি অন্যান্য আঁচনিসমূহ থাকিব আৰু ইয়াৰ দ্বাৰা কোভিড-১৯ৰ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰি ৰখাৰ চেষ্টা কৰা হ'ব ।
ৰাজ্য চৰকাৰৰ হৈ মুখ্য়মন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে আহুলুৱালিয়াক এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বেই এই বিষয়ক লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰাৰ কথা প্ৰকাশ কৰিছিল ।