নেশ্যনেল ডেক্স,18 আগষ্টঃ 7 চেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষা অধিৱেশন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেলেংগানা চৰকাৰে ৷ সোমবাৰে প্ৰগতি ভৱনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চি ৰাৱে এক উচ্চস্তৰীয় বৈঠকত মিলিত হোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীসকলে বিচাৰ কৰিছিল যে, 15 দিনীয়া কাৰ্যদিৱসৰ সৈতে 20 দিনৰ বাবে অধিৱেশন আয়োজন কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা কৰা হ’ব ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে ৷
মুখ্যমন্ত্ৰী ৰাৱে মন্ত্ৰীসকলৰ লগতে বিষয়াসকলক অধিৱেশনৰ বাবে যো-যা কৰিবলৈ আহ্বান জনায় ৷ এইবেলি অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ খচৰা তথা সিদ্ধান্তৰ ওপৰতো আলোচনা কৰা হ’ব বুলিও ব্যক্ত কৰে ৷ আনহাতে অধিৱেশনৰ সময়ছোৱাত কোভিড 19ৰ নিয়মাৱলী অনুসৰি সদস্যসকলক সামাজিক দূৰত্ব বাজই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে আইন পৰিক্ৰমা মন্ত্ৰী প্ৰশান্ত ৰেড্ডী আৰু তেলেংগানা আইনসভাৰ সম্পাদক ভি নৰসিংহ ছাৰয়ুলুক নিৰ্দেশ প্ৰদান কৰে ৷