অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰীক্ষণ সহজ হৈ পৰিছে,সেনা প্ৰধান বিপিন ৰাৱট - জম্মু-কাশ্মীৰত নিৰীক্ষণ সহজ হৈ পৰিছে,সেনা প্ৰধান বিপিন ৰাৱট

জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাচত ইয়াত নিৰীক্ষণ প্ৰক্ৰিয়া সেনাৰ বাবে সহজ হৈ পৰিছে ৷ এই মন্তব্য সেনা প্ৰধান বিপিন ৰাৱটৰ ৷

সেনা প্ৰধান বিপিন ৰাৱট

By

Published : Nov 6, 2019, 9:32 AM IST

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ: ভাৰতীয় স্থলসেনা প্ৰধান বিপিন ৰাৱটে জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ তেওঁ কয়, "কাশ্মীৰ উপত্যকাত সকলোৱে একগোট হৈ কাম কৰিছে ৷ সেনাই পৃথকে কাম নকৰে ৷ সেনাই কেন্দ্ৰীয় আৰক্ষীৰ লগতে ৰাজ্যিক আৰক্ষীৰ সৈতে একেলগে কাম কৰিব ৷ BDC আৰু গাঁৱৰ মুৰব্বী পৰ্যায়ৰ নিৰ্বাচনতে এয়া দেখিবলৈ পোৱা গৈছিল ৷"

সেনা প্ৰধান বিপিন ৰাৱটৰ মন্তব্য

সংবাদ মাধ্যমৰ আগত ৰাৱটে কয়, "কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষিত হোৱাৰ পাচত জম্মু-কাশ্মীৰ পোনপটীয়াকৈ কেন্দ্ৰৰ অধীনত অহা বাবে সেই স্থানত সেনা বাহিনীৰ সকলো ধৰণৰ নিৰীক্ষণ সুবিধাজনক হৈ পৰিছে ৷" উল্লেখ্য যে,সেনা প্ৰধানগৰাকীয়ে নৱেম্বৰৰ 5 তাৰিখে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ (National Integration Tour) অধীনত ৰাজৌৰিআৰু ৰিয়াছি অঞ্চলৰ মৌলবী,গ্ৰন্থী আৰু পণ্ডিতসকলৰ এটা দলৰ সৈতে মিলিত হয় ৷

লগতে চাওক-ৰাজ্যৰ কৃষি খণ্ডক ত্বৰান্বিত কৰিবলৈ বিশেষ ব্যৱস্থা মন্ত্ৰী অতুল বৰাৰ

ABOUT THE AUTHOR

...view details