নেশ্যনেল ডেস্ক,২২আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ । ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ সময়ত ভাৰতৰ ৰাজকোষৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰে ধন চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে । টুইটযোগে শনিবাৰে এই অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । টুইটত জাতিৰ পিতা মহাত্মা গান্ধীৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে কৈছে যে, 'সত্য এটা, পথ কেইবাটাও'।
ৰাফেল ক্ৰয়ৰ সময়ত ভাৰতৰ ৰাজকোষৰ পৰা ধন চুৰি হৈছিল: ৰাহুল গান্ধী - পুনৰ ৰাফেল প্ৰসংগ
পুনৰ ৰাফেল প্ৰসংগ । মোদী চৰকাৰলৈ আক্ৰমণাত্মক মন্তব্য ৰাহুল গান্ধীৰ। ৰাফেল ক্ৰয়ৰ সময়ত ভাৰতৰ ৰাজকোষৰ পৰা ধন চুৰিৰ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে।
ৰাফেল ক্ৰয়ৰ সময়ত ভাৰতৰ ৰাজকোষৰ পৰা ধন চুৰি হৈছিল:ৰাহুল গান্ধী
উল্লেখ্য যে, ভাৰতে ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰ সৈতে ৫৯,০০০কোটি টকাৰ চুক্তি কৰিছিল । মাথোঁ কেইসপ্তাহমান পূৰ্বে ৫ খন ৰাফেল যুদ্ধ বিমান ভাৰতলৈ অনা হৈছে । সম্প্ৰতি হাৰিয়ানাৰ আম্বালাত আছে বিমানকেইখন।