অসম

assam

ETV Bharat / bharat

ভাৰত-মাৰ্কিন বিশ্ব অংশীদাৰিত্ব সম্প্ৰসাৰণ সম্পৰ্কে বিস্তৃত আলোচনা ট্ৰাম্প, মোডীৰ - MH-60 ৰোমিঅ’ হেলিকপ্তাৰ

আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত ‘নমস্তে ট্ৰাম্প’ শীৰ্ষক বিশাল জনসভা সম্বোধন কৰি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ মাজত 3 বিলিয়ন মাৰ্কিন ডলাৰৰ এক সামৰিক চুক্তিৰ কথা ঘোষণা কৰিছিল আৰু মঙলবাৰে এই চুক্তি স্বাক্ষৰিত হোৱাৰ কথা তেওঁ উল্লেখ কৰে ৷ বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তেওঁৰ পত্নী মেলেনিয়া ট্ৰাম্প তথা তেওঁৰ কন্যা ইভাংকা ট্ৰাম্প, জোৱাই জাৰেড কুশ্বনাৰ তথা বিভিন্ন প্ৰশাসনিক মুৰব্বীৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে দুদিনীয়া তথা 36 ঘন্টীয়া ভাৰত ভ্ৰমণ সূচীৰে সোমবাৰে গুজৰাটৰ আহমেদাবাদত উপস্থিত হয় ৷

Modi, Trump to hold extensive talks today to expand Indo-US global partnership
ভাৰত-মাৰ্কিন বিশ্ব অংশীদাৰিত্ব সম্প্ৰসাৰণ সম্পৰ্কে বিস্তৃত আলোচনা ট্ৰাম্প, মোডীৰ

By

Published : Feb 25, 2020, 7:27 PM IST

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰীঃ দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মঙলবাৰে ভাৰত-আমেৰিকা গোলকীয় সহযোগিতা তথা বিশ্ব অংশীদাৰিত্ব সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিব ৷ দুয়োখন দেশৰে গণতান্ত্ৰিক নাগৰিকৰ উন্নত ভৱিষ্যতৰ বাবে দুয়োগৰাকীয়ে নেতাই দুয়োখন দেশৰেই প্ৰশংসাত পঞ্চমুখ হয় ৷

সোমবাৰে আহমেদাবাদৰ ম’টেৰা ষ্টেডিয়ামত ‘নমস্তে ট্ৰাম্প’ শীৰ্ষক বিশাল জনসভা সম্বোধন কৰি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ মাজত 3 বিলিয়ন মাৰ্কিন ডলাৰৰ এক সামৰিক চুক্তিৰ কথা ঘোষণা কৰিছিল আৰু মঙলবাৰে এই চুক্তি স্বাক্ষৰিত হোৱাৰ কথা তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তেওঁৰ পত্নী মেলেনিয়া ট্ৰাম্প তথা তেওঁৰ কন্যা ইভাংকা ট্ৰাম্প, জোৱাই জাৰেড কুশ্বনাৰ তথা বিভিন্ন প্ৰশাসনিক মুৰব্বীৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে দুদিনীয়া তথা 36 ঘন্টীয়া ভাৰত ভ্ৰমণ সূচীৰে সোমবাৰে গুজৰাটৰ আহমেদাবাদত উপস্থিত হয় ৷

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ম’টেৰাত প্ৰায় 1 লাখতকৈ অধিক লোকৰ সন্মূখত ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণমৰ্মে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ 27 মিনিটজোৰা উদ্বোধনী ভাষণ ‘‘উই লাভ ইণ্ডিয়া, উই লাভ ইণ্ডিয়া ভেৰি মাচ্চ’’ শব্দেৰে আৰম্ভ কৰে ৷ এই ভাষণত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা কৰি বিভিন্ন ক্ষেত্ৰৰ সফলতাবোৰৰ বিষয়ে বৰ্ণণা কৰে ৷ ইয়াৰোপৰি দুয়োখন দেশৰ মাজত সামৰিক চুক্তিৰ বিষয়েও উল্লেখ কৰে ৷ ভাৰতৰ সামৰিক দিশক আৰু অধিক শক্তিশালী কৰি তোলাৰ বাবে আমেৰিকাই বিশ্বৰ অন্যতম উৎকৃষ্ট সামৰিক আহিলাৰ যোগান ধৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷ ট্ৰাম্পে 2.6 বিলিয়ন মাৰ্কিন ডলাৰৰ 28 খন MH-60 ৰোমিঅ’ হেলিকপ্তাৰ তথা 800 মিলিয়ন মাৰ্কিন ডলাৰৰ ছয়খন AH-64E আপাছি হেলিকপ্তাৰ যোগানৰ কথাও ব্যক্ত কৰে ৷ আনহাতে ৰাষ্ট্ৰপতি ট্ৰাম্পে বলীউড ছবি ডিডিএলজে তথা শ্বোলেৰ কথা উল্লেখ কৰি ভাৰতীয় ছবিৰ প্ৰশংসা কৰে ৷

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত মঙলবাৰৰ বৈঠকত ভাৰত-আমেৰিকাৰ মাজত ভূ-ৰাজনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে ৷ কিয়নো ভাৰতৰ প্ৰতিৱেশী তথা বিশ্বৰ এক অন্যতম অভ্যুত্থান হৈ থকা শক্তি হিচাপে চীনৰ সামৰিক শক্তিৰ প্ৰতি লক্ষ্য ৰাখিয়ে দুয়োখন দেশে এই গোলকীয় দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ আনহাতে এই বৈঠকত দুয়ো দেশৰ আঞ্চলিক ক্ষেত্ৰত দ্বি-পাক্ষিক বাণিজ্যিক, সামৰিক তথা প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী তথা আফগানিস্তানৰ তালিবান সম্পৰ্কে ভাৰত-প্ৰশান্তিক ক্ষেত্ৰত কিছুমান চুক্তিৰ বিষয়ে আলোচনাৰ কৰা হ’ব বুলি ভাৰত আৰু আমেৰিকাৰ বিষয়ববীয়াই উল্লেখ কৰে ৷ বৈদৈশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে মুঠ পাঁচটা দিশৰ সন্দৰ্ভত আলোচনাৰ বাবে ট্ৰাম্পৰ এই ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে ৷ বিশেষকৈ দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত বাণিজ্যিক চুক্তিৰ কথা উল্লেখ কৰে ৷

সোমবাৰে ম’টেৰা ষ্টেডিয়ামত বিশাল জনসভা সম্বোধন কৰি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কাম কৰি যথেষ্ট সুখী অনুভৱ কৰে ৷ দুয়োখন দেশৰ মাজত হ’বলগীয়া বাণিজ্যিক চুক্তিয়ে দুয়ো দেশকে উপকৃত কৰিব বুলি তেওঁ উল্লেখ কৰে ৷ আনহাতে দুগ্ধজাত সামগ্ৰী তথা ফাৰ্মৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বজাৰৰ প্ৰতি আমেৰিকা আগ্ৰহী বুলিও ট্ৰাম্পে নিজৰ ভাষণত উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, নৰেন্দ্ৰ মোডী ভাৰতীয় গণতন্ত্ৰৰ এগৰাকী সফল শাসক হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ 600 মিলিয়ন লোকে তেওঁৰ ওপৰত আস্থা প্ৰদান কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত কৰিছে বুলি ট্ৰাম্পে উল্লেখ কৰে ৷

আহমেদাবাদৰ পৰা সন্ধিয়া পোনে পোনে ৰাষ্ট্ৰপতি ট্ৰাম্প তেওঁৰ পৰিয়ালৰ সৈতে বিশ্বৰ সপ্ত আশ্চাৰ্যৰ অন্যতম ঐতিহাসিক তাজমহলত সূৰ্যাস্ত দৰ্শনৰ বাবে উপস্থিত হয় ৷ প্ৰায় এঘন্টা সময় তাজমহলত অতিবাহিত কৰি অভিভূত হৈ পৰে ট্ৰাম্প তথা তেওঁৰ পৰিয়াল ৷ তাৰ পিছত সন্ধিয়া 7.30 বজাত তেওঁ আগ্ৰাৰ পৰা দিল্লীত উপস্থিত হয় ৷ মঙলবাৰে পুৱা ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলেনিয়া ট্ৰাম্প ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত অংশ ল’ব ৷ তাৰ পিছত মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰিব ৷ ইয়াৰ পিছতে দিল্লীস্থিত হায়দৰাবাদ হাউচত এক দ্বি-পাক্ষিক বৈঠকত ভাগ ল’ব ৷ সন্ধিয়া আমেৰিকান এম্বেছিত শীৰ্ষ উদ্যোগপতিৰে ট্ৰাম্পে এটা ব্যক্তিগত অনুষ্ঠানত ভাগ ল’ব ৷ তাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত মিলিত হ’ব ৷ তাৰ পিছতে নিশা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আমেৰিকালৈ উৰা মাৰিব ৷

আৰু পঢ়কঃভাৰতত ড'নাল্ড ট্ৰাম্পৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ প্ৰতি মূহুৰ্তৰ খবৰ LIVE

ABOUT THE AUTHOR

...view details