নিউজ ডেস্ক, 2 জুন :ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত মংগলবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত ভাৰত-চীনৰ সীমা সমস্যা, জৰ্জ ফ্লয়েডৰ মৃত্যুকে আদি কৰি কেইবাটাও বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷
টেলিফোনযোগে হোৱা এই সাক্ষাৎ অনুষ্ঠানত ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া জি-7 সন্মিলনৰ বাবে নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনায় ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পৰ দুৰদৰ্শী আৰু সৃষ্টিশীল পদ্ধতিৰ প্ৰশংসা কৰে ৷ মোডীয়ে কয় যে, প্ৰস্তাৱিত শীৰ্ষ সন্মিলনৰ সাফল্য নিশ্চিত কৰাৰ বাবে আমেৰিকা অথবা আন দেশসমূহৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ পালে ভাৰত সুখী হ'ব ৷