নিউজ ডেস্ক, ২ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ২১ দিনৰ বাবে সমগ্ৰ দেশজুৰি কৰা লক ডাউনৰ পাচতে শুকুৰবাৰে দেশবাসীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এটি ভিডিঅ' যোগে দেশবাসীলৈ ভাষণ প্ৰদান কৰিব মোডীয়ে ।
দেশবাসীলৈ ভিডিঅ'যোগে শুকুৰবাৰে বাৰ্তা প্ৰেৰণ কৰিব মোডীয়ে
শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা ৯ বজাত এটি সৰু ভিডিঅ'ৰে দেশবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিব । বৃহস্পতিবাৰে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টুইাটাৰযোগে জানিবলৈ দিয়ে ।
দেশবাসীলৈ ভিডিঅ'যোগে শুকুৰবাৰে বাৰ্তা প্ৰেৰণ কৰিব মোডীয়ে
বৃহস্পতিবাৰে টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে জনায় যে, মই মোৰ লগৰীয়া তথা ভাৰতবাসীৰ সৈতে শুকুৰবাৰে পুৱা ৯ বজাত এটি সৰু ভিডিঅ'ৰে কিছু বাৰ্তা প্ৰেৰণ কৰিম ।
আনহাতে, বৃহস্পতিবাৰে প্ৰধামন্ত্ৰী গৰাকীয়ে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠক অনুষ্ঠিত কৰে ।