নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: বিহাৰৰ বিধানসভা নিৰ্বাচনত ৭৪ খন আসন লাভেৰে বিজয় সাব্যস্ত কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। যদিও বিজেপি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, তথাপি ৰাজ্যখনৰ মুখ্য়মন্ত্ৰীৰ দায়িত্বত নীতিশ কুমাৰেই থাকিব। জনতা দল ইউনাইটেড, বিজেপি, হিন্দুস্তানী আৱাম মৰ্চা, বিকাশ ইন্সান পাৰ্টীৰ মহাজোঁটে বিহাৰত দখল প্ৰতিপন্ন কৰিলে। ৭৫ আসন জয়েৰে প্ৰভাৱশালী ৰাজনৈতিক দল হিচাপে পৰিগণিত হ'ল ৰাষ্ট্ৰীয় জনতা দল আৰু মহাজোঁটে ১১০ খন আসন লাভ কৰে।
দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয়োৎসৱ পালন - দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয়োৎসৱ পালন
বিজয়োৎসৱ পালনৰ বাবে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত মহা আয়োজন। অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা। কাৰ্যালয়ৰ পৰাই দলৰ কৰ্মকৰ্তাৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে।
জয়ৰ আনন্দ উদযাপনৰ বাবে বিজেপিৰ দিল্লীত থকা মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা। দলৰ কৰ্মকৰ্তাৰে বাৰ্তালাপো কৰিব দুয়োগৰাকী নেতাই। এক সূত্ৰই জনোৱা মতে, বুধবাৰে নিশা বিজেপিৰ সংসদীয় কমিটীৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীসহ আন কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰিব। বিহাৰ চৰকাৰত বিজেপিৰ ভূমিকা কি হ'ব, বিজেপি কিমান অংশৰ গৰাকী হ'ব সেই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক:কৰ‘ণাত আক্ৰান্ত ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী