অসম

assam

ETV Bharat / bharat

মোডী, শ্বাহে CAA সম্পৰ্কত নাগৰিকক বিভ্ৰান্ত কৰিছে : ছোনিয়া গান্ধী - প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মানুহক বিভ্ৰান্ত কৰা বুলি দাবী ছোনিয়াৰ

মোডী, শ্বাহে নাগৰিকক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে ছোনিয়া গান্ধীয়ে ৷ সোমবাৰে বিৰোধী দলৰ আলোচনা চক্ৰত এই মন্তব্য কৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী গৰাকীয়ে ৷

কংগ্ৰেছৰ আমন্ত্ৰণত বৈঠকৰ আয়োজন
বিৰোধী দলৰ বৈঠক

By

Published : Jan 13, 2020, 10:00 PM IST

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী : কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে বিৰোধী সভাত মন্তব্য কৰে, "চৰকাৰে শাসন ব্যৱস্থাৰ অপব্যৱহাৰ কৰিছে, হিংসা বিয়পাইছে আৰু মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে ৷ সেইবাবেই খামখেয়ালিৰ সৃষ্টি হৈছে ৷ সংবিধানক দুৰ্বল কৰি তোলা হৈছে আৰু শাসন ব্যৱস্থাৰ আহিলাবোৰৰ অপব্যৱহাৰ হৈছে ৷"

ছোনিয়া গান্ধী

তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মানুহক বিভ্ৰান্ত কৰিছে ৷ এসপ্তাহ পূৰ্বে তেওঁলোকে কৰা মন্তব্যৰ বিপৰীতে স্থিতি লৈছে, প্ৰৰোচনামূলক মন্তব্য আগবঢ়াইছে আৰু ৰাজনৈতিক দমন আৰু হিংসাত্মক কাৰ্য সম্পৰ্কত অসংবেদনশীল ব্যক্তিৰ দৰে কাম কৰিছে ৷"

বিৰোধী দলৰ বৈঠক

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন (CAA) সম্পৰ্কত এক যুটীয়া ৰণনীতি তৈয়াৰ কৰিবৰ বাবে সোমবাৰে কংগ্ৰেছে এখন আলোচনা চক্ৰ আয়োজন কৰে ৷ এই আলোচনা চক্ৰলৈ কংগ্ৰেছে সকলো একে বিচাৰধাৰাৰ দলক নিমন্ত্ৰণ জনাইছিল ৷

বিৰোধী দলৰ বৈঠক

এই বিৰোধী দলসমূহে সংসদৰ উপভৱনত সোমবাৰে দুই বজাত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷ এই আলোচনাতে CAA বিৰুদ্ধে যুটীয়া ৰণনীতি তৈয়াৰ কৰাৰ লগতে ছাত্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰদৰ্শন কৰা হিংসাত্মক কাৰ্যৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

বিৰোধী দলৰ বৈঠক

আলোচনা চক্ৰত অনুপস্থিত থাকে শিৱসেনা, আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টি ৷

আনহাতে, এই আলোচনা চক্ৰত উপস্থিত থাকে কংগ্ৰেছ নেতা আহমেদ পেটেল, গুলামনবী আজাদ আৰু অজিত সিং ৷

এই আলোচনাত উপস্থিত থাকিবলৈ অসন্মতি প্ৰদান কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ৷

আৰু পঢ়ক : অসমৰ হৈ ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই

ABOUT THE AUTHOR

...view details