অসম

assam

ETV Bharat / bharat

'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ - বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম বাৰ্ষিকী

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে 'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ । প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে গ্ৰন্থখনত ।

আজি 'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
আজি 'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

By

Published : Dec 25, 2020, 3:40 PM IST

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সংসদত 'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত এই গ্ৰন্থখন উন্মোচন কৰা হয় । এদিন পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে, দূৰদৰ্শী নেতৃত্বৰে অটল বিহাৰী বাজপেয়ীয়ে দেশক উন্নয়নত অভূতপূৰ্ব মাত্ৰা প্ৰদান কৰিছিল ।

মোদীয়ে কয় যে, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়িবলৈ আগবঢ়োৱা অৱদানৰ বাবে বিজেপি নেতাগৰাকী চিৰস্মৰণীয় হৈ ৰ'ব । ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত তেওঁৰ ওপজা দিনটো সু-শাসন দিৱস হিচাপে পালন কৰা হয় । আজি তেওঁৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ।

গ্ৰন্থখনত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন, কৰ্মৰাজী আৰু তেওঁ সংসদত আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভাষণৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰা হৈছে । গ্ৰন্থখনত বিজেপি নেতাজনৰ পূৰ্বে দেখা নোপোৱা কেইবাখনো আলোকচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে । ১০ বাৰকৈ লোকসভালৈ আৰু দুবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাজপেয়ীয়ে ৰাইজৰ মৰম আৰু বিশ্বাস লাভ কৰি দলক নেতৃত্ব দিছিল । প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ অৱদানে ভাৰতৰ অৰ্থনীতিৰ আন্তঃগাঁঠনি উন্নয়নত যথেষ্ট সহায় কৰিছিল । বিশ্ব পৰ্যায়ৰ এক্সপ্ৰেছ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈ দেশৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল ।

অটল বিহাৰী বাজপেয়ীক ১৯৯২ চনত 'পদ্ম বিভূষণ' আৰু ২০১৫ চনত 'ভাৰত ৰত্ন' বঁটাৰে বিভূষিত কৰা হৈছিল । ১৯৯৪ চনত 'গোবিন্দ বল্লভ পণ্ট' বঁটাৰেও তেওঁক সন্মানিত কৰা হয় । ১৯২৪ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ গোৱালিয়ৰত সৰ্বজন প্ৰিয় নেতাজনৰ জন্ম হৈছিল । ২০১৮ চনৰ ১৬ আগষ্টত AIIMS ত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক:বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details