অসম

assam

ETV Bharat / bharat

বিহাৰৰ নিৰ্বাচনী সভাত "জংঘল ৰাজ" প্ৰসংগত চৰ্চা মোডীৰ

ৰাজ্যত "জংঘল ৰাজ" প্ৰতিষ্ঠিত কৰা বিপক্ষ দলক পৰাজিত কৰিবলৈ ৰাইজক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ মোডীয়ে বুধবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁৰ প্ৰচাৰ অভিযানৰ দ্বিতীয়লানি চৰণ আৰম্ভ কৰে ৷

বিহাৰৰ নিৰ্বাচনী সভাত "জংঘল ৰাজ" প্ৰসংগত চৰ্চা মোডীৰ
বিহাৰৰ নিৰ্বাচনী সভাত "জংঘল ৰাজ" প্ৰসংগত চৰ্চা মোডীৰ

By

Published : Oct 28, 2020, 8:00 PM IST

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁৰ প্ৰচাৰ অভিযানৰ দ্বিতীয়লানি চৰণ আৰম্ভ কৰে ৷ য'ত অযোধ্যা প্ৰসংগত চৰ্চা কৰা হৈছে আৰু ৰাজ্যত"জংঘল ৰাজ"প্ৰতিষ্ঠিত কৰা বিপক্ষ দলক পৰাজিত কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৷

দেৱী সীতা আৰু তেওঁৰ পিতৃ জনকক কল্পনা কৰি মোডীয়ে কয়,মিথিলাৰ ৰজা,যিয়ে উত্তৰ বিহাৰ চহৰক পৰৱৰ্তী সময়ত ৰাজধানীত পৰিণত কৰিছিল ৷ ৰাম মন্দিৰ নিৰ্মাণত বিলম্ব হোৱাৰ বাবে যিসকলে বিজেপিত তীব্ৰ সমালোচনা কৰিছিল তেওঁলোকে এতিয়া হাত চাপৰি বজাবলৈ বাধ্য ৷

"মই ইয়াত মা সীতাৰ জন্মস্থলীত আহিবলৈ পাই সুখী ৷ অযোধ্যাত মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ সেই সকল লোক যিয়ে আমাক এই ক্ষেত্ৰত কটাক্ষ কৰিছিল,এতিয়া তেওঁলোকে আমাৰ বাবে হাত চাপৰি বজাবলৈ বাধ্য" বুলি মোডীয়ে এক সভাত উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে মঞ্চত উপবিষ্ট হোৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত তেওঁৰো প্ৰশংসা কৰে ৷ তেওঁক "ভাৱী মুখ্যমন্ত্ৰী" বুলি কয় আৰু বিহাৰৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ শ্ৰেয় প্ৰদান কৰে ৷

লগতে পঢ়ক:টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ

ABOUT THE AUTHOR

...view details