অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মোদীৰ ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’ - মেজৰ ধ্যানচাঁদৰ 114 তম জন্মদিন

হকীৰ কিংবদন্তী ধ্যানচান্দৰ জন্মদিনটো দেশজুৰি উদযাপন হৈ আহিছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভ উদ্বোধন ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’ৰ ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মোদীৰ ‘‘ফিট ইণ্ডিয়া মুভমেণ্ট’’

By

Published : Aug 29, 2019, 2:21 PM IST

Updated : Aug 29, 2019, 2:32 PM IST

স্প’ৰ্টছ ডেস্ক, 28 আগষ্টঃ আজি দেশজুৰি পালন ‘‘হকীৰ যাদুকৰ’’ নামেৰে খ্যাত মেজৰ ধ্যানচান্দৰ 114 তম জন্মদিন ৷ এই কিংবদন্তী খেলুৱৈগৰাকীৰ জন্মদিনতেই সমগ্ৰ দেশজুৰি পালন কৰি অহা হৈছে ‘‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’’ ৷ এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতেই শুভ উদ্বোধন কৰা হয় ফিট ইণ্ডিয়া মুভমেণ্টৰ ৷ সুস্থ আৰু সৱল ভাৰত গঢ়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু ফিট ইণ্ডিয়া মুভমেণ্টৰক লৈ টুইটাৰযোগে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাজনাথ সিং, খেলমন্ত্ৰী কিৰেণ ৰিজিজুৰ বাৰ্তা প্ৰেৰণ ৷

নৰেন্দ্ৰ মোডী- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ফিট ইণ্ডিয়া মুভমেণ্টক অধিক শক্তিশালী কৰাৰ দিশত আমি সংকল্পৱদ্ধ ৷

ৰাজনাথ সিঙ- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফিট ইণ্ডিয়া মুভমেন্ট উদ্বোধন কৰাৰ কথা জানিব পাৰি সুখী অনুভৱ কৰিছো ৷ সকলোকে সুস্থ আৰু সবল ভাৰত গঢ়াৰ ক্ষেত্ৰত আহ্বান নেতাগৰাকীৰ ৷

অমিত শ্বাহ- ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ গৌৰবাম্বিত কৰা সকলো খেলুৱৈক মোৰ অভিনন্দন ৷ নৰেন্দ্ৰ মোদীৰ চৰকাৰে খেলুৱৈসকলৰ বাবে উন্নত মানৰ সকলো সা-সুবিধা প্ৰদান কৰিব বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷

অন্যহাতে এক ভিডিঅ’ শ্বেয়াৰ কৰি ফিট ইণ্ডিয়া মুভমেণ্টত সকলোকে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

Last Updated : Aug 29, 2019, 2:32 PM IST

ABOUT THE AUTHOR

...view details