নিউজ ডেস্ক,8 মে’ঃস্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ঠ উন্নত প্ৰদৰ্শন দেখুৱাইছে । ৪ মে’লৈকে ৪২,৫৩৫ জন আক্ৰান্তৰ ভিতৰত মাত্ৰ ১,৩৯১ জনৰ মৃত্যুৰে ভাৰতৰ আৰোগ্যৰ হাৰ ২৭.৫ শতাংশ । কিন্তু, তাৰ মাজতে ভাৰতৰ অৰ্থনীতি দুৰ্বল হৈ পৰিছে । ভাইৰাছে যিমান ক্ষতি কৰিব পাৰে তাতোকৈ বেছি ক্ষতি কৰিছে সান্ধ্য আইনে । ৰাষ্ট্ৰসংঘৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি ৪০০ মিলিয়ন ভাৰতীয় শ্ৰমিকে দৰিদ্ৰতাৰ মাজত জীৱন কটাব লাগিব । কৰ’ণা ভাইৰাছৰ বাবে ভাৰতৰ জিডিপি বিকাশৰ হাৰ ১০-১৫ শতাংশ হ’ব বুলি নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীয়ে মন্তব্য কৰিছে । এয়া হতাশাজনক ছবি নহয়নে ? ঘৰলৈ উভতিবৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ আৰু ভোকত ককবকাই থকাসকলৰ ছবি মনলৈ আনিলে আৰু হতাশ হোৱা যায় । আগ্ৰাৰ ৰাস্তাত পৰি থকা গাখীৰ কুকুৰৰ লগতে এজন লোকে চেলেকাৰ দৃশ্যৱে সকলোৰে হৃদয় কঁপাই তুলিব । আগ্ৰাৰ দৰে বহু হটস্প’ট আৰু কোৱাৰেণ্টাইন শিবিৰত দলে দলে ৰাখি থোৱা লোকসকল নতুন যুগৰ অস্পৃশ্য হৈ পৰিছে । আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰই জৈৱ ৰাজনীতিৰ আশ্ৰয় লৈছে । যিহেতু অৰ্থনীতি এতিয়াও মুকলি কৰা হোৱা নাই অনাগত দিনত আমি অধিক ভয়াৱহতাৰ সন্মুখীন হ’ব লাগিব-অধিক অস্থিৰতা আৰু হিংসাই হয়তো দেশখন গ্ৰাস কৰিব ৷
ভাইৰ’ল’জী ১০১
ভাইৰাছবোৰ প্ৰকৃতিৰে অংশ । সেইবোৰ যিহেতু জীৱ বা প্ৰাণহীন দুয়োটাই নহয় সেয়ে ঔষধ বা প্ৰতিষেধকৰ দ্বাৰা সহজে শান্ত কৰিব নোৱাৰি । সেইবোৰ কোনো আশ্ৰয়দাতাৰ তাত আশ্ৰয় লৈ বেছিভাগ সময় শিলৰ দৰে মৃত হৈ থাকে । মানুহ,উদ্ভিদ বা জন্তুৰ বিৱৰ্তনত ভাইৰাছৰ ভূমিকাক আমি অস্বীকাৰ কৰিব নোৱাৰো । সংক্ৰমিত কৰিব পৰা বোৰে আমাক আক্ৰমণ কৰে আৰু বাকীবোৰে আমাক সুস্থভাৱে জীয়াই থকাত সহায় কৰে । সময়ৰ লগে লগে আমি এই সংক্ৰমণ হোৱা ভাইৰাছবোৰৰ বিৰুদ্ধে ইম্যুনিটি আৰু জেনেটিক প্ৰতিৰোধ আয়ত্ব কৰো ।
বৰ্তমান প্ৰতিষেধকৰ বাতৰিৰে সংবাদ মাধ্যম ভৰপূৰ হৈ পৰিছে । কিন্তু প্ৰতিকাৰ হিচাপেহে প্ৰতিষেধকবোৰ ভাল । ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত আমি দেখা পাইছো যে,প্ৰতিটো ছিজনতে পেথ’জিনৰ পৰিৱৰ্তিত চৰিত্ৰৰ বাবে নতুন প্ৰতিষেধকৰ প্ৰয়োজন হয় । কিন্তু অৰ্ধশতিকা যুঁজাৰ পাছতো মানৱ জাতিয়ে এই আই ভি-ৰ প্ৰতিষেধক উদ্ভাৱন কৰিব পৰা নাই । কৰ’ণা ভাইৰাছৰ সমাধান হিচাপে প্ৰতিষেধকৰ সামৰ্থক লৈ চিকিৎসক,বিজ্ঞানী আৰু মহামাৰীৰ বিশেষজ্ঞসকলে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে । এই প্ৰতিষেধকে কাম কৰিব নে নাই নিশ্চিত নোহোৱাকৈ ভাৰতবৰ্ষই নিৰ্বোধৰ দৰে অপেক্ষা কৰি থাকিব নোৱাৰে । বিৱৰ্তনৰ ইতিহাসৰ পৰা অনুধাৱন কৰা যায় যে কৰ’ণাই হওঁক বা ইনফ্লুৱেঞ্জাই হওঁক,ভাইৰাছৰ বিৰুদ্ধে দীৰ্ঘকালীনভাৱে যুঁজ দিয়াৰ মূল উপায় হৈছে শক্তিশালী প্ৰতিৰোধ ক্ষমতা ৷
সেয়া যিয়েই নহওক, কোনো প্ৰতিষেধক নোহোৱাকৈ আমি ভাইৰাছবিধ নিয়ন্ত্ৰণ কৰি মৃত্যুৰ হাৰ কমাই ৰাখিব পাৰিছো । এতিয়া Covid 19 ক আন এক সংক্ৰামক ৰোগ যক্ষ্মাৰ লগত তুলনা কৰা যাওঁক । বছৰি ১.৫ মিলিয়নতকৈ অধিক লোক যক্ষ্মাত আক্ৰান্ত হৈ মৃ্ত্যুক আঁকোৱালি লয় । তাৰবাবে আমি আমাৰ অৰ্থনৈতিক কাম-কাজ বন্ধ ৰাখোনে ? নাৰাখো । আমি কাম কৰি যাওঁ । আনকি যক্ষ্মাৰ পৰীক্ষা নকৰাকৈ লাখ লাখ শ্ৰমিকে কাম কৰি যায় । কৰ’ণাক ইয়াতকৈ বেলেগ বুলি ভবা কিয় যায় ! তুলনা কৰিলে দেখা যায় যে যক্ষ্মা কৰ’ণাতকৈ অধিক ভয়াৱহ ৷
কম্পিউটাৰ মডেলিং আৰু বিদেশৰ বিকল্প বাস্তৱক নাকচ কৰাৰ সময় এয়া । আমি প্ৰতিষেধক অবিহনে ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো । যিহেতু আমাৰ অৰ্থনীতিক ৰক্ষা কৰাৰ উপায় ক্ৰমশঃ নোহোৱা হৈ পৰিছে আমি পুনৰ অৰ্থনৈতিক কাম-কাজ আৰম্ভ কৰিব লাগে । অন্যথা লাখ লাখ লোকে কৰ’ণাৰ সলনি পুষ্টিহীনতা আৰু দুৰ্বল স্বাস্থ্যৰ বাবে মৃত্যুক সাবটি ল’ব লাগিব । S M E কোম্পানীসমূহৰ বাবে ইতিমধ্যে মৃত্যুঘণ্টা বাজি উঠিছে । আমি বেছিদিন লক্ ডাউন অব্যাহত ৰাখিব নোৱাৰো ।