অসম

assam

ETV Bharat / bharat

ৰোগাক্ৰান্ত কিশোৰৰ চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰী 30 লাখ টকাৰ অনুদান

আগ্ৰাৰ ললিত নামৰ এগৰাকী 16 বছৰীয়া কিশোৰীৰ চিকিৎসাৰ বাবে 30 লাখ টকাৰ অনুদান আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ললিতৰ পিতৃ সুমেৰ সিঙে প্ৰধানমন্ত্ৰীলৈ এক হৃদয়বিদাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এই সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হয় ৷

By

Published : Jun 24, 2019, 11:25 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 24 জুন : 'এপ্লাষ্টিক এনিমীয়া' ৰোগত আক্ৰান্ত আগ্ৰাৰ ললিত নামৰ এগৰাকী 16 বৰ্ষীয় কিশোৰীলৈ সহায়ৰ হাত আগবঢ়াইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মো়ডীয়ে কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে 30 লাখ টকাৰ অনুদান আগবঢ়াইছে ৷

ললিতৰ পিতৃ সুমেৰ সিঙে প্ৰধানমন্ত্ৰীলৈ এক হৃদয়বিদাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এই সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হয় ৷ এই পত্ৰ লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সুৰক্ষা পুঁজিৰ পৰা এই অনুদান প্ৰদান কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

পিতৃ সুমেৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ললিতৰ চিকিৎসাৰ বাবে তেওঁ মাটি বিক্ৰী কৰিব লগা হোৱাৰ লগতে ঘৰটোও বন্ধকত ৰাখিবলগীয়া হৈছিল ৷ 7 লাখকৈ টকা খৰচ কৰাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ উন্নতি নোহোৱাত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে বুলি সুমেৰ সিঙে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details