অসম

assam

মোডী চৰকাৰৰ দৃঢ়় পদক্ষেপে ৰক্ষা কৰিছে ভাৰতক : বিজেপি

By

Published : May 11, 2020, 8:36 AM IST

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃঢ় পদক্ষেপৰ ফলতেই দেশ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিছে বুলি দেওবাৰে বিজেপিয়ে কয় । দেশত ৬০ হাজাৰ COVID-১৯ আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰাৰ পাচতেই বিজেপিয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Modi govt's firm measures saved India from 'worst' of COVID pandemic: BJP
Modi govt's firm measures saved India from 'worst' of COVID pandemic: BJP

নিউজ ডেস্ক, ১১ মে':দেওবাৰে বিজেপি দলে COVID-১৯ ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা আগবঢ়ায় । বিজেপিয়ে দেওবাৰে উল্লেখ কৰিছে যে, মোডী চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় আৰু দৃঢ় পদক্ষেপৰ বাবেই কৰ'ণা ভাইৰাছ মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ভাৰতক ৰক্ষা কৰিব পৰা গৈছে । দেশত ৬০ হাজাৰতকৈ অধিক COVID-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি দলে ৷

দলটোয়ে জনাইছে যে, ভাৰতত ৬০ হাজাৰ COVID-19 আক্ৰান্ত অতিক্ৰম কৰিবলৈ সময় লাগিছে ১০১ দিন । ইয়াৰ বিপৰীতে গ্ৰেট ব্ৰিটেইন, ইটালী, স্পেইন, জাৰ্মানী, আমেৰিকা আদি দেশত বহু সংখ্য়ক লোক ৪০-৬৫ দিনৰ ভিতৰতেই আক্ৰান্ত হৈছিল । আনহাতে ৬০ হাজাৰতকৈ অধিক আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰা দেশ সমূহৰ তুলনাত ভাৰতৰ আৰোগ্যৰ হাৰ যথেষ্ট উন্নত বুলি টুইট কৰি উল্লেখ কৰা হৈছে বিজেপিয়ে ৷

উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে ৬৭,১৬১ গৰাকী লোক COVID-১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য় লাভ কৰিছে ২০,৯৬৯ গৰাকী লোকে । আনহাতে মৃত্য়ুমুখত পৰিছে ২,২১২ গৰাকী লোক ।

  • যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ কৰিবলৈ সাজু ভাৰতীয় ৰেল

ABOUT THE AUTHOR

...view details