নেশ্যনেল ডেস্ক, 17 এপ্ৰিল :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে কয় যে,দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে কোনো ক্ৰুটি ৰখা নাই ৷
অৰ্থনীতি সুস্থিৰ কৰিবৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ (RBI) পদক্ষেপক প্ৰশংসা আগবঢ়াই শ্বাহে কয় যে,এই পদক্ষেপৰ ফলত মোডীৰ ভৱিষ্যদৰ্শন আৰু সুদৃঢ় হৈ উঠিব ৷
"মোডী চৰকাৰে COVID-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে কোনো ক্ৰুটি ৰখা নাই আৰু অতি কমসংখ্যক প্ৰাণৰ সংশয় হোৱাটো নিশ্চিত কৰাৰ লগতে এনে পৰিস্থিতিতো এখন সুস্থ আৰু সৱল ভাৰতবৰ্ষ গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে"-শ্বাহে কয় ৷
গৃহমন্ত্ৰী গৰাকীয়ে কয়, "নাবাৰ্ডলৈ 20,000 কোটি আৰু SIDBI লৈ 15,000 কোটি টকা প্ৰদানৰ জৰিয়তে কৃষক, MSME আৰু নতুনকৈ গঢ়ি উঠা উদ্যোগসমূহলৈ অৰ্থনৈতিক সাহাৰ্য আৰু 'Make in India' আঁচনিয়ে শ্ৰীবৃদ্ধি লাভ কৰিব ৷"
শ্বাহে লগতে কয় যে, National Housing Bank(NHB) আৰু Non-banking financial companies (NBFCs) লৈ 10,000 কোটি টকাৰ অৰ্থসাহাৰ্য প্ৰদানৰ জৰিয়তেও বহু উপকৃত হব ৷
উল্লেখ্য যে, শুকুৰবাৰে RBI য়ে বেংক ঋণৰ নিৰ্দেশাৱলীত শিথিলতা প্ৰদান কৰাৰ লগতে কৰ'ণা ভাইৰাছত জুৰুলা হোৱা ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ বাবে বহু হাজাৰ কোটি টকাৰ অৰ্থসাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৷ লকডাউনৰ পাচত দ্বিতীয়বাৰৰ বাবে দেশক সম্বোধন কৰি এই সাহাৰ্যৰ কথা ঘোষণা কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে ৷