অসম

assam

By

Published : Feb 3, 2020, 4:51 PM IST

ETV Bharat / bharat

চাকৰি সৃষ্টি কৰাত মোডী চৰকাৰ 'বেয়াকৈ' বিফল হৈছে : ৰাহুল গান্ধী

চাকৰি সৃষ্টি কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ বিফল হোৱা বুলি মন্তব্য ৰাহুল গান্ধীৰ ৷ টুইটাৰৰ জৰিয়তে নিৰ্মলা সীতাৰমণকো আক্ৰমণ কৰে গান্ধীয়ে ৷

মোডী চৰকাৰক সমালোচনা
কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী :নিবনুৱা সমস্যাক লৈ সোমবাৰে মন্তব্য আগবঢ়াইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ বিজেপি চৰকাৰক সমালোচনা কৰি গান্ধীয়ে কয় যে, চৰকাৰখনে দেশৰ যুৱচামৰ বাবে চাকৰি সৃষ্টি কৰাত বেয়াকৈ বিফল হৈছে ৷

ৰাহুল গান্ধীয়ে যুৱচামৰ হৈ উত্থাপন কৰা প্ৰশ্নক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ৷ হিন্দীত লিখা এক টুইটাৰৰ জৰিয়তে গান্ধীয়ে কয়, "বিত্তমন্ত্ৰী, মোৰ প্ৰশ্নলৈ ভয় কৰাৰ প্ৰয়োজন নাই ৷ দেশৰ যুৱচামৰ হৈ মই এই প্ৰশ্নসমূহ কৰিছো ৷ যুৱচামক উত্তৰ দিয়াটো আপোনাৰ দায়িত্ব ৷" কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, "দেশৰ যুৱচামে নিযুক্তি বিচাৰে আৰু আপোনাৰ চৰকাৰ এইক্ষেত্ৰত বেয়াকৈ বিফল হৈছে ৷"

আৰু পঢ়ক : বাজেটত প্ৰতিফলিত হৈছে নেকি প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক উদ্দেশ্য ?

ABOUT THE AUTHOR

...view details