নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে সোমবাৰে অনুশাসনমুলক ব্যৱস্থাৰে তিনিগৰাকীকৈ জ্যেষ্ঠ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰাৰ লগতে সেৱাৰ নিয়ম ভংগ কৰাৰ বাবে চৰকাৰী দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰে ।
এক গভীৰ ষড়যন্ত্ৰৰ দোহাই দি বোৰ্ডে তিনিওগৰাকী বিষয়াক অভিযুক্ত কৰি, কোনো কৰ্তৃত্ব নোহোৱাকৈ নতুন কৰ নীতি সংবাদ মাধ্যমক প্ৰদান কৰাৰ লগতে দেশৰ এক সংকটৰ সময়ত ৰাইজৰ মাজত এইদৰে সংশয় বৃদ্ধি কৰি দিয়াৰ বাবেই এইদৰে চাৰ্জশ্বীট দাখিল কৰিছে ।
প্ৰতিবেদনখনত কৰ বৃদ্ধি, সম্পদ কৰ, উত্তৰাধিকাৰী কৰ, কোভিড-১৯ অধিভাৰ আৰোপ কৰাৰ লগতে নীতিৰ মানদণ্ড আৰু সংশয় বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে বুলি চিবিডিটিয়ে উল্লেখ কৰে ।
চৰকাৰে চাৰ্জশ্বীট দাখিল কৰা তিনিওগৰাকী বিষয়া হৈছে, ১৯৮৮ বৰ্ষৰ বিষয়া প্ৰশান্ত ভূষণ, ২০০১ বৰ্ষৰ প্ৰকাশ ডুবে আৰু ১৯৮৯ বৰ্ষৰ সঞ্জয় বাহাদুৰ । প্ৰশান্ত ভূষণ হৈছে আইআৰএছ এছচিয়েশ্বনৰ সাধাৰণ সম্পাদক, যাৰ বিৰুদ্ধে সংবাদ মাধ্যমত তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । প্ৰকাশ ডুবে হৈছে অফিচাৰ এছচিয়েশ্বনৰ যুটীয়া সম্পাদক । প্ৰকাশ ডুবে আৰু সঞ্জয় বাহাদুৰৰ বিৰুদ্ধে কনিষ্ঠ বিষয়াসকলক কোনো কৰ্তৃত্ব নথকাকৈ প্ৰতিবেদন প্ৰস্তুত কৰি তাক সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, তিনিওগৰাকী বিষয়াই ‘FORCE’ নামে প্ৰতিবেদন প্ৰস্তুত কৰি সংবাদমাধ্যমত প্ৰচাৰ কৰিছিল ।
সমগ্ৰ ঘটনাৰ আঁৰত মোডী চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে চিবিডিটিৰ এক সূত্ৰই । চাৰ্জশ্বীট দাখিল কৰা জ্যেষ্ঠ বিষয়া প্ৰশান্ত ভূষণৰ পত্নী বিহাৰৰ বেগুচৰাইৰ পৰা কংগ্ৰেছ দলৰ এগৰাকী বিধায়িকা আৰু সমগ্ৰ বিষয়টোত এই সংকটৰ সময়ত চৰকাৰক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে বুলি চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে । ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সুৰেন্দ্ৰ মেহতাক প্ৰায় ১৬হাজাৰ ভোটত পৰাস্ত কৰিছিল প্ৰশান্ত ভূষণৰ পত্নী অমিতা ভূষণে ।
বিত্ত মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰি অনুসৰি, তিনিওগৰাকী বিষয়াই ৩০ বছৰৰো অধিক কাল সেৱাৰ অভিজ্ঞতা থকাৰ পিচত প্ৰায় ৫০গৰাকীকৈ কনিষ্ঠ বিষয়াক বিপথে পৰিচালিত কৰা বুলি অভিযোগ উত্থাপন হৈছে ।
প্ৰবন্ধটো লিখিছে জ্যেষ্ঠ সাংবাদিক কৃষ্ণানন্দ ত্ৰিপাঠীয়ে ।