নেশ্যনেল ডেস্ক, 18 মাৰ্চ : COVID-19 য়ে সকলোকে আতংকিত কৰি ৰখাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত পৰিস্কাৰ কৰা হ'ল দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয় ৷ ইয়াৰোপৰি, স্থগিত ৰখা হয় দলীয় বৈঠক, অনুষ্ঠান তথা জন সমাৱেশ ৷
সাত মহলীয়া বিজেপিৰ কাৰ্যালয়টোত অনাময় স্প্ৰে' ব্যৱহাৰ কৰা হয় ৷ ইয়াৰোপৰি, কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰতিটো ক'ৰিডৰ আৰু কোঠাত হেণ্ড ছেনিটাইজাৰ আৰু ফেছ মাস্ক সংগ্ৰহ কৰি ৰখা হৈছে ৷
সমগ্ৰ বিল্ডিংটো পৰিস্কাৰ কৰাৰ লগতে এই ভাইৰাছে কিমান লোকৰ প্ৰাণ কাঢ়ি নিলে সেই সম্পৰ্কত প্ৰতিখন ৱালত জাননী লগোৱা হৈছে ৷