নিউজ ডেস্ক, 16 ডিচেম্বৰঃ দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে ৷ সকলোকে শান্তিপূৰ্ণভাৱে আৰু সংযত হৈ থাকিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ লগতে তেওঁ জনসাধাৰণক কোনো ধৰণৰ ভুৱা খবৰ অথবা উৰা বাতৰিৰ ওপৰত বিশ্বাস নকৰিবলৈ আহ্বান জনাই ৷ সোমবাৰে এক টুইট যোগে প্ৰধানমন্ত্ৰী মোডীয়ে এই আহ্বান জনায় ৷
দেশৰ শেহতীয়া প্ৰেক্ষাপটক লৈ চিন্তিত প্ৰধানমন্ত্ৰী মোডী - টুইট
টুইট যোগে জনসাধাৰণক দেশত শান্তি সম্প্ৰতি অব্যাহত ৰাখিবলৈ আহ্বান প্ৰধানমন্ত্ৰী গৰাকীৰ ৷
চিন্তিত প্ৰধানমন্ত্ৰী মোডী