'হাউদি মোডী' অনুষ্ঠানত মোডীৰ আদৰণি ভাষণ - অগলি বাৰ ট্ৰাম্প চৰকাৰ
আমেৰিকাৰ হাষ্টনৰ NRG ষ্টেডিয়ামত অনুষ্ঠিত 'হাউদি মোডী' অনুষ্ঠানত প্ৰায় 50 হাজাৰ ভাৰতীয়ক মোডীয়ে সম্বোধন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ কৰ্মৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মোডী ৷
!['হাউদি মোডী' অনুষ্ঠানত মোডীৰ আদৰণি ভাষণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4522871-thumbnail-3x2-mdjpg.jpg)
'হাউদি মোডী' অনুষ্ঠানত মোডীৰ আদৰণি ভাষণ
নিউজ ডেস্ক, 22ছেপ্তেম্বৰ : আমেৰিকাৰ হাষ্টনৰ NRG ষ্টেডিয়ামত অনুষ্টিত 'হাউদি মোডী' অনুষ্ঠানত আমেৰিকাবাসী ভাৰতীয় সকলক সম্বোধন কৰে মোডীয়ে ৷ ভাৰত আমেৰিকাৰ মাজৰ বৈদেশিক সম্পৰ্কক লৈ আমেৰিকাৰ প্ৰবাসী ভাৰতীয়সকলে আয়োজন কৰা এই কাৰ্যসূচীত উপস্থিত থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ মোডীয়ে এই অনুষ্ঠানত সম্বোধন কৰে প্ৰায় 50 হাজাৰ ভাৰতীয়ক ৷ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰশংগত মোডীয়ে কয়-
- আমেৰিকাৰ এজন প্ৰষিদ্ধ তথা শক্তিশালী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে ড'নাল্ড ট্ৰাম্প
- ড'নাল্ড ট্ৰাম্প মোৰ এজন প্ৰিয় বন্ধু আৰু আমেৰিকাৰ সকলোৱে আজিৰ পৰা মোৰ বন্ধু
- অনুষ্ঠানত মোডীয়ে ড'নাল্ড ট্ৰাম্পৰ কৰ্মদক্ষতাত পঞ্চমুখ হৈ ''অগলি বাৰ ট্ৰাম্প চৰকাৰ'' বুলি মন্তব্য কৰে
Last Updated : Sep 23, 2019, 8:06 AM IST