নিউজ ডেস্ক, ৯ মে' : পুলৱামাত হোৱা সংঘৰ্ষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী তথা হিজবুল মুজাহিদীনৰ ৰিয়াজ নাইকু নিহত হোৱাৰ পিচতে কাশ্মীৰত প্ৰশাসনে আৰোপ কৰিছিল কেতবোৰ নিষেধাজ্ঞা । সুৰক্ষা তথা নিৰাপত্তাজনিত কাৰণত মোবাইল ফোন সেৱাকে ধৰি কেতবোৰ দিশত নিষেধাজ্ঞা আৰোপ কৰিছিল কাশ্মীৰ প্ৰশাসনে ।
লগতে পঢ়কঃজম্মু-কাশ্মীৰত ক্ৰমে হ্ৰাস পাইছে নৱজাতকৰ মৃত্যুৰ হাৰ
৬ মে'ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল ৰিয়াজ নাইকু । নাইকুৰ নিহত হোৱাৰ পিচতে এইদৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
অৱশ্যে আজিৰে পৰা কাশ্মীৰত মোবাইল ইন্টাৰনেট সেৱাকে ধৰি অন্যান্য সেৱাসমূহ আৰম্ভ কৰিবলৈ দিয়া হৈছে । অৱশ্যে ইন্টাৰনেট অবিহনে বিগত তিনিটা দিনত বিএছএনএলৰ পোষ্টপেইড সেৱা চলি আছিল । কিন্তু আজিৰে পৰা ইন্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ দিয়া হয় । অৱশ্যে এতিয়াও পুলৱামা জিলাত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিব পৰা গৈছে ।
লগতে পঢকঃনাইকু নিহতৰ চাৰিদিন পিচটো জম্মু-কাশ্মীৰত অব্যাহত নিষেধাজ্ঞা