অসম

assam

ETV Bharat / bharat

অসমৰ পাছত মেঘালয়ৰ পৰা কৰ্তন ইণ্টাৰনেট সেৱা - অসমৰ পাছত মেঘালয়ৰ পৰা কৰ্তন ইণ্টাৰনেট সেৱা

কেবৰ ৰিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ পাছত মেঘালয়ৰ পৰা 48 ঘণ্টাৰ বাবে সাময়িকভাৱে কৰ্তন ইণ্টাৰনেট সেৱা ৷

অসমৰ পাছত মেঘালয়ৰ পৰা কৰ্তন ইণ্টাৰনেট সেৱা
Mobile internet services suspended for 48 hours in Meghalaya

By

Published : Dec 13, 2019, 5:36 AM IST

Updated : Dec 13, 2019, 7:12 AM IST

শ্বিলং,13 ডিচেম্বৰঃ কেব বিৰোধী আন্দোলনৰ বাবে উদ্ভৱ হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ পাছত মেঘালয়ৰ পৰা 48 ঘণ্টাৰ বাবে সাময়িকভাৱে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা ৷ অহা 48 ঘণ্টাত বৃহস্পতিবাৰে সন্ধিয়া 5 বজাৰ পৰা সমগ্ৰ মেঘালয়ত ইণ্টাৰনেট আৰু মেছেজ সেৱা সাময়িকভাৱে কৰ্তন কৰাৰ কথা উল্লেখ কৰে মেঘালয় গৃহ আৰক্ষী বিভাগে ৷ মেছেজ, হোৱাটছ এপ, ফেচবুক,টুইটাৰ আৰু ইউ টিউবৰ পৰা ৰাজহুৱা নিৰাপত্তাৰ বাবে উদ্ভৱ হ'ব পৰা আইনজনিত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মেঘালয় চৰকাৰে ৷

ইফালে অসমৰ 10 খন জিলাত আৰোপ কৰা ম'বাইল ইণ্টাৰনেট কৰ্তনৰ সময়সীমা অহা 48 ঘণ্টালৈ বৃ্দ্ধি কৰা হৈছে ৷

আৰু পঢ়কনাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান ৰাষ্ট্ৰপতিৰ

Last Updated : Dec 13, 2019, 7:12 AM IST

For All Latest Updates

TAGGED:

CAB

ABOUT THE AUTHOR

...view details