নেশ্যনেল ডেস্ক, 25 অক্টোবৰ:বুডানৰ আলাপুৰ এলেকাৰ এখন গাঁৱত এটা আৰক্ষীৰ দল সন্মুখীন হয় গণ প্ৰহাৰৰ ৷ গণ প্ৰহাৰৰ ফলত গুৰুতৰভাৱে আহত হয় এগৰাকী কনিষ্টবল ৷ সেই গাঁৱত সংঘটিত এক গুলিয়াগুলীৰ খবৰ ল'বলৈ গৈ গণ প্ৰহাৰৰ সন্মুখীন হয় দলটো ৷ শনিবাৰে নিশা কাকৰালা গাঁৱত সংঘটিত হয় এই ঘটনা ৷
গুলিয়াগুলীৰ খবৰ পোৱাৰ পাচতে কনিষ্টল, অশোক ভাদুৰীয়া আৰু অ'.পি সিং গাঁওখনলৈ যায় ৷ যাৰ পাচত একাংশ লোকে তেওঁলোকক ইটা, লাঠি আদিৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰহাৰৰ ফলত ভাদুৰীয়া গুৰুতৰভাৱে আহত হয় আৰু প্ৰহাৰ কৰা লোকসকলে দুয়োগৰাকী কনিষ্টবলৰ পৰা তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়ে ৷