অসম

assam

ETV Bharat / bharat

লক ডাউন কাৰ্যকৰী কৰিবলৈ যোৱা আৰক্ষীক গণ প্ৰহাৰ ৰাজস্থানত - ৰাজস্থানত আৰক্ষীক গণ প্ৰহাৰ

লক ডাউন কাৰ্যকৰী কৰিবলৈ যোৱা আৰক্ষীৰ দল এটাক 12 জনতকৈয়ো অধিক লোকে প্ৰহাৰ কৰে। এখন গুটখাৰ দোকান বন্ধ কৰিব দি তাত থকা লোকসকলক ঘৰলৈ যাবলৈ কোৱাৰ বাবেই আক্ৰমণ কৰে আৰক্ষীৰ দলটোক ।

লক ডাউন কাৰ্যকৰী কৰিবলৈ যোৱা আৰক্ষীক গণ প্ৰহাৰ ৰাজস্থানত
লক ডাউন কাৰ্যকৰী কৰিবলৈ যোৱা আৰক্ষীক গণ প্ৰহাৰ ৰাজস্থানত

By

Published : Apr 20, 2020, 10:33 AM IST

নিউজ ডেস্ক, 20 এপ্ৰিলঃৰাজস্থানৰ ঢলপুৰৰ বাদি এলেকাত আৰক্ষীৰ এটা দলক গণপ্ৰহাৰৰ বলি হ'বলগীয়া হ'ল । লক ডাউন কাৰ্যকৰী কৰিবলৈ উক্ত স্থানলৈ গৈছিল দলটো ।

লক ডাউনৰ সময়ছোৱাত দেওবাৰে আৰক্ষীয়ে গুট্খাৰ এখন দোকান খুলি ৰখাৰ সম্ভেদ লাভ কৰে । আৰক্ষীয়ে দোকানখন বন্ধ কৰাবলৈ ঘটনাৰ স্থানত উপস্থিত হয়। দোকান খনৰ সন্মুখত 12 জনৰো অধিক লোক আছিল। লোক কেইজনক আৰক্ষীয়ে ঘৰলৈ যাবলৈ কোৱাৰ পাচতেই আৰক্ষীৰ দলটোলৈ চোঁচা লয় আৰু আক্ৰমণ কৰে। দুজন আৰক্ষীৰ জোৱান এই আক্ৰমণত আহত হয় আৰু প্ৰাণ বচাবলৈ আৰক্ষীৰ দলটোৱে পলায়ন কৰে।

পাচত স্থানীয় থানাৰ পৰা বৃহৎ আৰক্ষীৰ দল এটা ঘটনা স্থলীলৈ যায়। কিন্তু তাৰ পূৰ্বেই পলায়ন কৰে আক্ৰমণকাৰী সকলে। আৰক্ষীয়ে 4 জন লোকক সোধ-পোচৰ বাবে আটক কৰে । অপৰাধীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি জনাই আৰক্ষীয়ে ।

লগতে চাওকঃ লক ডাউনৰ সকলো খবৰঃ ক’ত কি ঘটিল ?

ABOUT THE AUTHOR

...view details