নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ :'মেগাষ্টাৰ' ৰজনীকান্তক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে মক্কাল নিধী মাইয়াম (MNM) প্ৰধান কমল হাছানৰ ৷ মঙলবাৰে হাছানে কয় যে, সহ অভিনেতা ৰজনীকান্তে ৰাজনৈতিক দলত যোগদান নকৰাৰ সিদ্ধান্তত তেওঁ অসন্তুষ্ট হৈছে ৷
উল্লেখ্য যে, উচ্চ ৰক্তচাপৰ বাবে হায়দৰাবাদত চিকিৎসাধীন হৈ থকা ৰজনীকান্তে হাস্পতাল এৰাৰ এদিন পাচতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজনীতিত যোগদান নকৰে বুলি মন্তব্য কৰিছিল ৷
নাগাপাট্টিনামত এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কমল হাছানে কয়, "নিৰ্বাচনী প্ৰচাৰৰ পাচতে মই ৰজনীকান্তক সাক্ষাৎ কৰিম ৷ তেওঁৰ অনুৰাগীসকলৰ দৰেই মইও অসন্তুষ্ট হৈছিলো যদিও তেওঁৰ স্বাস্থ্য মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ ৷ তেওঁৰ স্বাস্থ্য উন্নত হোৱা উচিত ৷"