নিউজ ডেস্ক, 4 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে এমাহৰো অধিক পূৰ্বে মিজোৰামে বন্ধ কৰি দিছিল সকলো আন্তঃৰাজ্যিক সীমান্ত। কিন্তু এতিয়া ত্ৰিপুৰাৰ পৰা অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় সামগ্ৰী আমদানিৰ বাবে ৰাজ্যখনে মুকলি কৰিব সীমান্তৰ প্ৰৱেশ দ্বাৰ । এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই কথা ।
মিজোৰাম ৰাজ্য চৰকাৰে মিজোৰাম-ত্ৰিপুৰা সীমান্তৰ কাহমুন চেক পইণ্ট মুকলি কৰাৰ সিদ্ধান্ত লৈছে । অত্যাৱশ্যকীয় আৰু অনা-অত্যাৱশ্যকীয় সকলো সামগ্ৰী অনা হ'ব এই চেক পইন্টেৰে ।