অসম

assam

By

Published : Dec 29, 2020, 7:44 PM IST

ETV Bharat / bharat

বহিঃদেশৰ পৰা আহিবলগা যাত্ৰীলৈ মিজোৰাম চৰকাৰৰ বিশেষ নিৰ্দেশনা

ব্ৰিটেইনত আৰম্ভ হোৱা কোভিড-19ৰ নতুন প্ৰকাৰক লৈ যথেষ্ট সাৱধানতা লৈছে মিজোৰামে ৷ ৰাজ্যখনে শেহতীয়াকৈ বিদেশৰ পৰা আহিবলগীয়া যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷

বহিঃদেশৰ পৰা আহিবলগা যাত্ৰীলৈ মিজোৰাম চৰকাৰৰ বিশেষ নিৰ্দেশনা
বহিঃদেশৰ পৰা আহিবলগা যাত্ৰীলৈ মিজোৰাম চৰকাৰৰ বিশেষ নিৰ্দেশনা

আইজল, 29 ডিচেম্বৰ :কোভিড-19ৰ নতুন প্ৰকাৰক লৈ যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে চুবুৰীয়া ৰাজ্য মিজোৰামে ৷ ৰাজ্যখনৰ কোভিড-19ৰ নিৰীক্ষণ দলৰ মুখ্য বিষয়া ডাঃ পাচৌ লালমালস্বমাই ৰাইজৰ আহ্বানৰ প্ৰতি সহাৰি জনাই এই কথা ঘোষণা কৰিছে ৷ সেই অনুসৰি, চুবুৰীয়া ৰাজ্যখনে গ্ৰহণ কৰিছে কেতবোৰ নতুন নিয়ম

বহিঃদেশৰ পৰা আহিবলগা যাত্ৰীলৈ মিজোৰাম চৰকাৰৰ বিশেষ নিৰ্দেশনা

ৰাজহুৱা স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ নীতি গ্ৰহণ কৰিছে ৰাজ্যখনে ৷ ব্ৰিটেইনত আৰম্ভ হোৱা কোভিডৰ নতুন প্ৰকাৰৰ ফলত যাতে ৰাজ্যখনত কোনো বিষম পৰিস্থিতি সৃষ্টি নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে ৰাজ্যিক স্বাস্থ্য বিভাগে ৷

স্বাস্থ্য বিভাগে গ্ৰহণ কৰা নতুন নিয়ম অনুসৰি, ৰাজ্যখনলৈ আহিবলগীয়া বিদেশী যাত্ৰীৰ প্ৰতি জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা ৷ ইতিমধ্যে ৰাজ্যিক স্বাস্থ্য বিভাগে ইয়াৰ বাবে টোল-ফ্ৰী টেলিফোন নম্বৰো ঘোষণা কৰিছে ৷ বিদেশী ৰাষ্ট্ৰৰ পৰা মিজোৰামত আহি উপস্থিত হোৱা সকলো লোকৰ তথ্য চৰকাৰ তথা স্বাস্থ্য বিভাগক প্ৰদানৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷ইয়াৰ বাবে 102(Toll Free), 0389-2323336, 0389-2322336, 0389-2318336 নম্বৰত যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে নাগৰিকসকলক ৷

মঙলবাৰে ৰাজ্যখনত 6গৰাকী লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ লগতে 17 গৰাকী সুস্থ হয় ৷ ৰাজ্যখনত বৰ্তমানে 103 টা ঘটনা সক্ৰিয় হৈ আছে আৰু 8 গৰাকীয়ে মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়ক :মিজোৰামত দেশৰ ভিতৰত সৰ্বনিম্ন কোভিডৰ মৃত্যুৰ হাৰ

ABOUT THE AUTHOR

...view details