অসম

assam

আইজল অসামৰিক হাস্পতাললৈ আৰ্থিক সাহাৰ্য মিজোৰাম সাংবাদিক সংস্থাৰ

By

Published : Dec 22, 2020, 7:47 PM IST

মিজোৰাম সাংবাদিক সংস্থা (MJA)ই মঙলবাৰে আইজল অসামৰিক হাস্পতালৰ দৰিদ্ৰ পুঁজিলৈ আগন্তুক খ্ৰীষ্টমাচ উপলক্ষে 30 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ প্ৰত্যেক বছৰ মিজোৰাম সাংবাদিক সংস্থাই মিজো ৱেলফেয়াৰ অৱ মেট্ৰপলিটান চহৰৰ সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়াই আহিছে ৷

mizoram-journalists-association-donates-money-to-civil-hospital-fund
আইজল অসামৰিক হাস্পতাললৈ আৰ্থিক সাহাৰ্য মিজোৰাম সাংবাদিক সংস্থাৰ

মিজোৰাম, 22 ডিচেম্বৰ : মিজোৰাম সাংবাদিক সংস্থা (MJA)ই মঙলবাৰে আইজল অসামৰিক হাস্পতালৰ দৰিদ্ৰ সাহাৰ্য পুঁজিলৈ আগন্তুক খ্ৰীষ্টমাচ উপলক্ষে 30 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷

আইজল অসামৰিক হাস্পতাললৈ আৰ্থিক সাহাৰ্য মিজোৰাম সাংবাদিক সংস্থাৰ

হাস্পতালখনৰ সঞ্চালকৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ এম.জি.এ.ৰ সভাপতি জনোনচাংগা সিয়াংগতিয়ে কয় যে, " প্ৰত্যেক বছৰ মিজোৰাম সাংবাদিক সংস্থাই মিজো ৱেলফেয়াৰ অৱ মেট্ৰপলিটান চহৰৰ সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়াই আহিছে ৷ কিন্তু চলিত বৰ্ষত সংস্থাটোৰ একাংশ সদস্যই কৰ‘ণা মহামাৰীৰ সময়ত আৰ্থিক সংকটত ভোগাৰ বাবে তেওলোকক সহায় কৰিবলগীয়া হয় ৷ যাৰ বাবে তেনেধৰণৰ বৃহৎ বৰঙণি আগবঢ়াবলৈ সক্ষম নহল ৷ "

আইজল অসামৰিক হাস্পতাললৈ আৰ্থিক সাহাৰ্য মিজোৰাম সাংবাদিক সংস্থাৰ

তদুপৰি আইজল অসামৰিক চিকিৎসালয়ৰ সঞ্চালক ডাঃ লাল্হমুচোৱাকাই মিজোৰাম সাংবাদিক সংস্থাৰ সাহাৰ্য পূঁজিলৈ 10 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য সংস্থাৰ সভাপতিৰ জৰিয়তে প্ৰদান কৰে ৷

লগতে পঢ়ক:2020 বৰ্ষত হায়দৰাবাদত 75% লৈ বৃদ্ধি চাইবাৰ অপৰাধৰ সংখ্যা

ABOUT THE AUTHOR

...view details