নিউজ ডেস্ক, 11 এপ্ৰিলঃ মহিলাগৰাকী 95 বছৰীয়া পি নাখ্লীয়ানী ৷ COVID 19 ৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে সন্তপৰ্ণে নিজৰ নাগৰিক ধৰ্ম পালন কৰিছে মিজোৰামৰ বাসিন্দা পি নাখ্লীয়ানীয়ে ৷ দৰাচলতে বিশ্ববাসীৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজীলৈ এমাহৰ পেঞ্চন অনুদান দিয়ে পি নাখ্লীয়ানীয়ে ৷ ইমানেই নহয় 95 বছৰীয়া মহিলাগৰাকীয়ে ঘৰতে একাধিক ফেচ মাস্ক বনাই প্ৰয়োজন থকা সকলৰ মাজত বিতৰণ কৰে ৷
মহামাৰী কৰ'ণা ভাইৰাচৰ বাবে সমগ্ৰ দেশতে ফেচ মাস্ককলৈ হাহাকাৰ হোৱাৰ সময়তে জনসাধাৰণক সহায় কৰিবলৈ ওলাই আহিছে প্ৰাক্তন বিধায়ক স্বৰ্গীয় পু লালৰিনলিয়ানৰ পত্নী পি নাখ্লীয়ানী ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি বেচৰকাৰী সংস্থা তথা আত্মসহায়ক গোট সমূহে কাপোৰেৰে অহৰহ ফেচ মাস্ক বনাই থকা কাৰ্যক কেন্দ্ৰই উৎসাহ যোগাইছে ৷ সেই সময়তে অদম্য উৎসাহেৰে দেশবাসীক সংকটত পৰা মুক্ত কৰিবলৈ একক প্ৰচেষ্টা চলাই গৈছে মহিলাগৰাকীয়ে ৷