নতুন দিল্লী,3 জুনঃ "এইবাৰ অসমত বিজেপিৰ মিছন 100 ৷ আগন্তুক বিধানসভাত ৰাজ্যত এশতকৈ অধিক আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো দিশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই তদাৰক কৰি আছে ৷"এই মন্তব্য অসমৰ নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷
এইবাৰ অসমত বিজেপিৰ মিছন 100
"উত্তৰ-পূবৰ বাকী থকা ৰাজ্যকেইখনো বিজেপিৰ হাতলৈ আহিব ৷ উত্তৰ-পূবৰ ৰাইজে বিজেপিক বিশ্বাসত ল'ব ৷"
এইবাৰ অসমত বিজেপিৰ মিছন 100
ইটিভি ভাৰতৰ নতুন দিল্লীস্থিত সাংবাদিক গৌতম দেৱৰয়ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তাছাই কয়-"প্ৰধানমন্ত্ৰীয়ে যি কয় সেয়া কৰে ৷ উত্তৰ-পূবৰ বাকী থকা ৰাজ্যকেইখনো বিজেপিৰ হাতলৈ আহিব ৷ উত্তৰ-পূবৰ ৰাইজে বিজেপিক বিশ্বাসত ল'ব ৷" নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে বিষয়বোৰৰ শীঘ্ৰে অন্ত পৰিব বুলিও মন্তব্য কৰে নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷