অসম

assam

By

Published : Oct 12, 2020, 10:37 PM IST

ETV Bharat / bharat

কুঁহিয়াৰ খেতিৰ পৰা মৃত অৱস্থাত উদ্ধাৰ উত্তৰ প্ৰদেশৰ কিশোৰী

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাৰ পাশাগাৱান এলেকাৰ কুঁহিয়াৰ খেতিৰ মাজৰ পৰা উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ ৷ কিশোৰী গৰাকী শুকুৰবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

মৃত অৱস্থাত উদ্ধাৰ উত্তৰ প্ৰদেশৰ কিশোৰী
মৃত অৱস্থাত উদ্ধাৰ উত্তৰ প্ৰদেশৰ কিশোৰী

নেশ্যনেল ডেস্ক, 12 অক্টোবৰ: উত্তৰ প্ৰদেশত ঘৰৰ পৰা নিখোজ হৈ থকা এগৰাকী কিশোৰীৰ মৃতদেহ লখিমপুৰ খেৰী জিলাৰ পাশাগাৱান এলেকাৰ কুঁহিয়াৰ খেতিৰ মাজৰ পৰা উদ্ধাৰ হয় ৷

কিশোৰী গৰাকী শুকুৰবাৰে নিৰুদ্দেশ হৈছিল আৰু দেওবাৰে সন্ধিয়া তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ৷ কিশোৰীগৰাকীৰ ডিঙিত আঘাত চিন সুস্পষ্টভাৱে থকাৰ বাবে কোনোৱে তেওঁক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক এ.কে সিঙে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে কিশোৰী গৰাকী নিৰুদ্দেশ হোৱাৰ পাচত পিতৃ-মাতৃয়ে প্ৰদান কৰা অভিযোগৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰিছিল ৷ কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়ে গাঁওখনৰ কোনো লোকৰ সৈতেই তেওঁলোকৰ কোনো ধৰণৰ শত্ৰুতা নাছিল বুলি জানিবলৈ দিয়ে ৷

আৰক্ষী অধীক্ষক বিজয় ঢুলে ঘটনাটো সমাধান কৰাৰ বাবে পাশাগাৱান আৰক্ষীৰ ওপৰিও, অপৰাধ শাখা আৰু তহলদাৰী দলক মোতায়েন কৰিছে ৷ আনহাতে প্ৰমাণ সংগ্ৰহৰ বাবে ঘটনাস্থলীলৈ ফ'ৰেণছিক বিশেষজ্ঞসকলকো আনে ৷

মৰণোত্তৰ পৰীক্ষাৰ পাচতহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক:নাৰী সুৰক্ষাৰ বাবে বিশেষ 'KEY CHAIN' উদ্ভাৱন কানপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details