অসম

assam

ETV Bharat / bharat

ইৰাকস্থিত আমেৰিকান সেনা চাৱনি আৰু গ্ৰীন জ'নত মিছাইলৰ আক্ৰমণ - কাট্যুসা ৰকেট

শনিবাৰে বিয়লি বাঘদাদত দুটা 'মৰ্টাৰ ৰাউণ্ডে' উচ্চ সুৰক্ষা বেষ্টনী থকা থকা গ্ৰীন জ'নত আক্ৰমণ কৰে আৰু বাঘদাদৰ বালাদ বিমানঘাটিত, উত্তৰত দুটা কাট্যুসা ৰকেটে আক্ৰমণ কৰে য'ত মাৰ্কিন সেনাচাৱনি সমূহ আছিল ৷

Missiles hit Green Zone
গ্ৰীন জ'নত আক্ৰমণ

By

Published : Jan 5, 2020, 8:58 AM IST

Updated : Jan 5, 2020, 9:59 AM IST

নিউজ ডেস্ক , 5 জানুৱাৰীঃবাঘদাদ বিমান বন্দৰত আমেৰিকাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ এদিনৰ পাচতে শনিবাৰে ইৰাকৰ ৰাজধানীৰ গ্ৰীন জ'নত দুটা 'মৰ্টাৰ ৰাউণ্ড' আৰু আমেৰিকাৰ সেনাৰ চাৱনিত দুটা ৰকেটে আক্ৰমণ কৰে ৷ নিৰাপত্তাৰক্ষীয়ে জনোৱা অনুসৰি শনিবাৰে বিয়লি বাঘদাদত দুটা মৰ্টাৰ ৰাউণ্ডে
উচ্চ সুৰক্ষা বেষ্টনী থকা থকা গ্ৰীন জ'নত আক্ৰমণ কৰে য'ত মাৰ্কিন দূতাবাস অৱস্থিত ৷ ইৰাকী সেনাবাহিনীয়ে জনোৱা অনুসৰি এটা মৰ্টাৰ ৰাউণ্ডে জ'নৰ ভিতৰত আক্ৰমণ কৰে আৰু আনটোৱে বেষ্টনীটোৰ নিচেই সমীপত অৱতৰণ কৰে ৷ মৰ্টাৰ ৰাউণ্ডদ্বয়ে আক্ৰমণ কৰাৰ পাচত মাৰ্কিন চৌহদটোত চাইৰেণ বাজি উঠে ৷

আনহাতে বাঘদাদৰ বালাদ বিমানঘাটি, উত্তৰত দুটা কাট্যুসা ৰকেটে আক্ৰমণ কৰে য'ত মাৰ্কিন সেনা উপস্থিত আছিল ৷ জানিব পৰা মতে এই ঘটনাৰ পাচতে ৰকেট কেইটাৰ উৎস চিনাক্ত কৰিবলৈ বেষ্টনীটোৰ ওপৰত ড্ৰ'ণৰ জড়িয়তে তীক্ষ্ণ দৃষ্টি নিৱদ্ধ কৰা হয় ৷ উল্লেখ্য যে, বাঘদাদত মাৰ্কিন দূতাবাসৰ লগতে সমগ্ৰ দেশতে অৱস্থিত 5,200 টা মাৰ্কিন সেনাই বিগত কিছু মাহত ৰকেটৰ আক্ৰমণৰ সন্মুখীন হ'ব লগীয়া হৈছে ৷ আৰু এই আক্ৰমণৰ বাবে ওৱাশিংটনে ইৰাণ আৰু ইৰাকৰ লগত থকা মিত্ৰ সমূহক জগৰীয়া কৰিছে ৷ যোৱা মাহত এনে এক আক্ৰমণত উত্তৰ ইৰাকত কৰ্মৰত এজন মাৰ্কিন ঠিকাদাৰৰ মৃত্যু হৈছিল, যাৰ প্ৰতিশোধ ল'বলৈ আমেৰিকাই বিমানেৰে আক্ৰমণ কৰি ইৰাণৰ সমীপত 25 জন যোদ্ধাক হত্যা কৰিছিল ৷

উল্লেখ্য যে শুকুৰবাৰে চলোৱা এয়াৰ ষ্ট্ৰাইকত ইৰাণৰ জেনেৰেল কুদচ ফ'ৰ্চৰ প্ৰধান ইৰাণী জেনেৰেল কাচিম ছোলেইমানি আৰু ম'বিলাইজেচন ফ'ৰ্চৰ সহকাৰী কামাণ্ডাৰ আবু মহদী অল-মুহান্দীচৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক -শীঘ্ৰে ইৰাক ত্যাগ কৰিবলৈ আমেৰিকাৰ নাগৰিকক নিৰ্দেশ

Last Updated : Jan 5, 2020, 9:59 AM IST

ABOUT THE AUTHOR

...view details