চিটাৰা ডেস্ক, 25 অক্টোবৰ:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ "অপনা দল"ৰ সাংসদ অনুপ্ৰিয়া পেটেলে ৱেব চিৰিজ মিৰ্জাপুৰ-2 ত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ দাবী জনাইছে ৷ তেওঁ উল্লেখ কৰা অনুসৰি ৱেব চিৰিজখনে সৃষ্টি কৰিছে জাতীয় ভেদভাৱৰ ৷ সাংসদ গৰাকীৰ অভিযোগ, ৱেব চিৰিজখনত মিৰ্জাপুৰক এক "হিংস্ৰ" অঞ্চল হিচাপে উপস্থাপন কৰা হৈছে ৷ আমাজন প্ৰাইমত প্ৰচাৰিত হৈ আছে এই বিতৰ্কিত ৱেব চিৰিজখন ৷
তেওঁ সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত বৰ্তমান মিৰ্জাপুৰ এক সম্প্ৰীতিৰ কেন্দ্ৰ ৷ সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু ঠাইখনত প্ৰতিচ্ছবি বিৰূপভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত দায়ী লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷